NORTHEAST NOW (Assamese)

উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে, ৩ জুনলৈ অসমত হ’ব ধাৰাসাৰ বৰষুণ

May 30, 2021 9:58 pm · এন ই নাও নিউজ
Updated: May 30, 2021 10:17 pm

উৎকট গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত।বহু ঠাইত আহো আহোকৈয়ো অহা নাই শীতল বৰষুণ এজাক। পৰ্যাপ্ত বৰষুণৰ অভাৱত ৰাজ্যৰ বহু ঠাইৰ পথাৰত চিৰাল ফাঁট মেলাও দেখা গৈছে।

এনে সময়তে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীক দিছে এক আশাৰ খবৰ। ৰাজ্যবাসীক গৰমৰ পৰা সকাহ দিব পৰাকৈ ৩১ মে’ৰ পৰা ৩ জুনলৈ ৰাজ্য খনত হ’ব বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি ৩১ মে’ৰ দিনা অসম আৰু মেঘালয়ৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিন কেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

১,২ আৰু ৩ জুনতো অসমৰ উপৰি নাগালেণ্ড.মণিপুৰ,মেঘালয় আৰু ছিকিমতো বিজুলী গাজনিৰে ধাৰাসাৰ বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Related News