কংগ্ৰেছ-এআইইউডিএফৰ সৈতে AJP ক মিত্ৰতাত আৱদ্ধ কৰোৱাত কিমান সফল হ’ব সাংসদ অজিত কুমাৰ ভূঞা?

AJP লৈ কিয় চিঠি লিখিছিল অজিত কুমাৰ ভূঞাই?

AJIT BHUYAN

পৰিবৰ্তনৰ সপোন দেখুৱাই ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ ৰাজনৈতিক অংগীকাৰ সমূহ এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। ২৬ লাখ নিৱনুৱাৰ নিযুক্তি, বান সমস্যাৰ সমাধানকে ধৰি সকলো ক্ষেত্ৰতে বিজেপিয়ে কথা দিয়া মতে কাম কৰিব পৰা নাই।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বিজেপিৰ হস্তক্ষেপতে অসমৰ ভাষা,সাহিত্য,ৰাজনীতি,সমাজ ব্যৱস্থালৈ কাল অমানিশা নমাই আনিব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন জাপি দিয়া হৈছে। ফলত বিগত বিধান সভা নিৰ্বাচনত বি জে পিক ভোট  দি শাসনত বহুওৱা গৰিষ্ঠসংখ্যক ৰাইজ আজি অসন্তুষ্ট।

বিজেপিৰ ভ্ৰষ্টাচাৰী আচৰণৰ বিৰুদ্ধে এতিয়া সেয়ে ৰাজ্যত আঞ্চলিকতাবাদী শক্তি সমূহে সংগঠিত ৰূপত ঠন ধৰি উঠিছে। আছু,যুৱ ছাত্ৰ পৰিষদকে ধৰি আন বহু কেইটা সংগঠনৰ বেনাৰত গঠন হৈছে অসম জাতীয় পৰিষদ।কৃষক মুক্তিৰ লগতে ৭০ টা সংগঠনৰ বেনাৰত গঠন হৈছে ৰাইজৰ দল।

বিজেপিক শাসনৰ পৰা ওফৰোৱাৰ লক্ষ্যৰে আৰু হয়তো কেইবাটাও নতুন ৰাজনৈতিক দলৰ জন্ম হ’ব। কিন্তু আজিৰ তাৰিখত বিজেপিক চিন্তাত পেলোৱা দল দুটাই হৈছে AJP আৰু ৰাইজৰ দল। অসমৰ মানুহৰ আশীৰ্বাদেৰে পুষ্ট আছুৰ বেনাৰত গঠিত AJP ক এতিয়া জাতীয়তাবাদী শিবিৰে পৰম আস্থাৰে স্বীকাৰ কৰি লোৱা দেখা গৈছে।

ৰাইজৰ দলৰ ক্ষেত্ৰতো গণ সমৰ্থনৰ অভাৱ হোৱা নাই। ভোটৰ কথা, জিকা-হৰাৰ কথা যিয়েই নহওক কিয় এই দুটা দলকলৈ বিজেপিয়ে ঠাই বিশেষে নিৰ্বাচনী ৰণকৌশলৰ বিস্তৰ সালসলনি ঘটাব লাগিব সেয়া নিশ্চিত কথা।

জাতীয়তাবাদৰ ৰস-গোন্ধৰে পুষ্ট AJPৰ ওপৰত এতিয়া চকু পৰিছে কংগ্ৰেছৰো। ইতিমধ্যে অহা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিছেই। কিন্তু এই মিত্ৰতাকলৈয়েই কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰিব পাৰিব বুলি সপোনতো ভবা নাই। সেইবাবেই যিকোনো প্ৰকাৰে জাতীয়তাবাদী শিবিৰৰ শক্তিশালী দল AJPৰ লগতে আন বিজেপি বিৰোধী শক্তিৰ মহাসন্মিলনেৰে মহাজোঁট গঠনৰ পোষকতা কৰি আহিছে কংগ্ৰেছ-ইউডিএফ মিত্ৰ জোঁটে।

মহাজোঁটলৈ AJP ক অনাৰ বাবে প্ৰাণপনে চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থিত সাংসদ অজিত কুমাৰ ভূঞাই।

নৰ্থ ইষ্ট নাওৰ আগত সাংসদ ভূঞাই এই কথা অকপটে স্বীকাৰো কৰিছে। ভূঞাৰ স্পষ্ট মত ‘আজিৰ তাৰিখত বিকল্প কৰিব লাগিলে সকলো বিজেপি বিৰোধী দল এক হ’ব লাগিব। কংগ্ৰেছ-এআইইউডিএফ আৰু আঞ্চলিক শক্তি একলগ হবই লাগিব’।

নব গঠিত আঞ্চলিক শক্তিকলৈ সাংসদ ভূঞাৰ মন্তব্য—‘তেওঁলোকৰ ইমান শক্তি নাই যে তেওঁলোকে অকলে যুঁজি বিজেপি-কংগ্ৰেছ-এআইইউডিএফক বাধা দিব পাৰিব।সেইবাবেই আমি মহাজোঁটৰ পোষকতা কৰিছো’।

কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটত AJP ক চামিল কৰাৰ বাবে সাংসদ অজিত ভূঞাই AJP নেতৃত্বলৈ চিঠি লিখাৰ কথা উল্লেখ কৰি কয় যে এই বিষয়ত  দলটোৱে কোনো সঁহাৰি দিয়া নাই। AJP-এ হয়তো অকলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ভাবি আছে বুলিও ভূঞাই তীৰ্যক মন্তব্য কৰে।

ইপিনে মহাজোঁট গঠনৰ নামত অসমৰ জাতীয় চিন্তা-চেতনাক দশকৰ পিছত দশক ধৰি পদাঘাত কৰি অহা, ৮ শতাধিক শ্বহীদৰ তেজেৰে অসম ৰাঙলী কৰা কংগ্ৰেছৰ সৈতে AJP বা ৰাইজৰ দলৰ দৰে দল সমূহে হাত মিলোৱাতো অসমৰ জাতীয় মনোভাৱাপন্ন জনতাই বিচাৰিব নে নাই সেয়াহে আজিৰ তাৰিখৰ প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে।

যি কথা  জাতীয়তাবাদৰ কথা কৈ অহা অজিত  কুমাৰ ভূঞাৰ দৰে নেতা সকলৰ মনতো হয়তো বাহিৰত প্ৰকাশ নকৰিলেও প্ৰায়ে খেলা কৰি থাকে।