“ৱজিৰ-এ-আলম” ইমৰান খান ভিখাৰী হৈ গ’ল!

Imran Khan made "bhikhari'' in Google search

ছবি সৌজন্য-- hindi.sakshi.com

ভিখাৰীত পৰিণত হৈছে পাকিস্তানৰ ৱজিৰ-এ-আলম ইমৰান খান।

অতিকায় চাৰ্চ এঞ্জিন গুগলৰ জটিল এলগৰিদমে পাকিস্তানৰ প্ৰধান মন্ত্ৰীজনক ভিখাৰী সাজিছে।

গুগলত যদি আপুনি “bhikhari” চাৰ্চ কৰে, তেন্তে ইমে’জত ওলাই আহে ইমৰান খানৰ ছবি।

বাতৰি মতে, পাকিস্তানে বিষয়টো সন্দৰ্ভত গুগলৰ ভাৰতীয় চি ই অ’ সুন্দৰ পিচাইলৈ ইতিমধ্যে জাননীও প্ৰেৰণ কৰিছে।

কিয় এনে হৈছে সেই বিষয়ে গুগলে এতিয়াও কোনো স্পষ্টীকৰণ দিয়া নাই।

পূৰ্বেও পুলৱামা আক্ৰমণৰ পিছত গুগলত “toilet paper” চাৰ্চ কৰিলে পাকিস্তানী পতাকাৰ ছবি ওলাইছিল।

যোৱা বছৰ ইউ এছ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো গুগল এলগৰিদমৰ চিকাৰ হৈছিল। গুগলত “idiot” শব্দটো চাৰ্চ কৰিলে ট্ৰাম্পৰ ছবি ওলাইছিল।

এমেৰিকান পাংক ৰক বেণ্ড “গ্ৰীন দে’”ৰ “এমেৰিকান ইদিয়ত” গানটোৰ সৈতে “ইদিয়ত” ট্ৰাম্পৰ সম্পৰ্ক আছে বুলি ভবা হৈছিল।

২০১৮ চনত মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ ইউ কে ভ্ৰমণৰ সময়ত প্ৰতিবাদকাৰীসকলে গ্ৰীন দে’ৰ উক্ত গানটো প্ৰতিবেদৰ বাবে বাচি লৈছিল।

হয়তো, গুগল এলগৰিদমে প্ৰতিবাদৰ বাতৰি, “এমেৰিকান ইদিয়ত” আৰু ইউ এছ ৰাষ্ট্ৰপতিক সানমিহলি কৰি ট্ৰাম্প “ইদিয়ত”ৰ সন্ধান দিছিল।