অন্ধবিশ্বাসৰ বাবেই ডকমকাত মহিলা আৰু যুৱকক শিৰচ্ছেদ কৰি জ্বলাই দিলে একাংশ উন্মাদ লোকে

witch-hunting-750x375

প্রতিনিধিত্বমূলক ফটো{

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছে এক শিহৰণকাৰী নৃশংস কাণ্ড। জিলাখনৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজনক গাঁৱখনৰে একাংশ উন্মাদ লোকে নৃশংসভাৱে হত্যা কৰে।

উন্মত্ত লোকসকলে আনকি শিৰচ্ছেদ কৰা মৃতদেহ দুটা জ্বলাইও দিয়ে।

বাতৰি অনুসৰি, গাওঁখনৰ এগৰাকী যুৱতীৰ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত তিনিদিন পূৰ্বে মৃত্যু হৈছিল।

বুধবাৰে সামাজিক নিয়ম অনুসৰি তিনিদিনীয়া ক্ৰিয়া কৰ্ম চলি থকাৰ মাজতে গাঁৱখনৰে আন এগৰাকী মহিলাৰ কিছু অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰি গাঁৱবাসীয়ে দেওলগা বুলি ধাৰণা কৰে আৰু ডাইনী সন্দেহত একাংশ উন্মত্ত লোকে মহিলাগৰাকীক হত্যা কৰে।

অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গাঁৱবাসীয়ে উক্ত ৰমাৱতী হালোৱা নামৰ মহিলাগৰাকীৰ বাবেই গাঁৱখনত অপায়-অমংগল সংগটিত হোৱা বুলি প্ৰচাৰ কৰে।

ইপিনে, গাঁৱবাসীৰ এনে অন্ধবিশ্বাস তথা মানৱতা বিৰোধী কামকাজৰ বিৰুদ্ধে আগবাঢ়ি অহা বিজয় গৌড় নামৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ যুৱ শিক্ষককো উন্মত্ত লোকসকলে মৰিয়াই নৃশংসভাৱে হত্যা কৰে।

উন্মত্ত লোকসকলে আনকি মৃতদেহ দুটাৰ শিৰোচ্ছেদ কৰি পূজা আগবঢ়োৱাৰ পাছত এখন পাহাৰৰ ওপৰলৈ নি মৃতদেহ দুটা জ্বলাই দিয়ে।

উন্মত্ত লোকৰ দলটোৱে মহিলাগৰাকীৰ  নাবালক কন্যাকো হত্যা কৰিব বিচাৰিছিল যদিও নাবালিকাগৰাকীয়ে ধাননি পথাৰত লুকাই থাকি প্ৰাণ বচাবলৈ সক্ষম হয়।

এই ঘটনাৰ সৈতে জড়িত এজন আক্ৰমণকাৰীয়ে বৃহস্পতিবাৰে ডকমকা থানাত আত্মসমৰ্পন কৰে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ মাজতে জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নেতৃত্ব আৰক্ষীৰ এটা দলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে বৰ্তমানলৈ ৯জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।