নতুন সমীক্ষা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিৰল প্ৰজাতিৰ দল হৰিণ সমীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হয়।

এই বৰ্ষৰ এই সমীক্ষা মতে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৯০৭ টা দল হৰিণ পোৱা হয়। ইয়াৰ ভিতৰত মতা দল হৰিণ ২৩৫ টা, ৫০৫ জনী মাইকী আৰু ১৬৭ চেমনীয়া পোৱালি দল হৰিণ।

মন কৰিব লগীয়া যে পুৰ্বাঞ্চলীয় দল হৰিণ নামে খ্যাত এই দল হৰিণ বিশ্বৰ ভিতৰতে অন্যতম আৱাস হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাচতে মানহ ৰাষ্ট্ৰীয় উদ্যানতো এই হৰিণৰ এক সীমিত আৱাস আছে।

২৭ নৱেম্বৰত কাজিৰঙাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আয়োজিত এই দল হৰিণ সমীক্ষাৰ প্ৰশিক্ষণৰ পাছত ২৮ নৱেম্বৰৰ পুৱাৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা ব্লকত একে সময়তে গণনা আৰম্ভ কৰা হয়।

কাজিৰঙাৰ অন্তৰ্গত ২২ টা ব্লক পূব অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ২ টা ব্লক বিশ্বনাথ বন সংমণ্ডলত এই সমীক্ষা চলোৱা হয়। গণনাৰ শেষত সংগৃহীত তথ্য অনুসৰি পূব বনাঞ্চলৰ ৪ ব্লকত ১৫৬ টা হৰিণ, কেন্দ্ৰীয় বনাঞ্চল, কহঁৰাৰ ৮ টা ব্লকত ৩৫০ টা হৰিণ, পশ্চিম বনাঞ্চল বাগৰিৰ ৭ টা ব্লকত ৩২৩ টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩ টা ব্লকত ২২ টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ ২ টা ব্লকত ৫৬ টা দল হৰিণ পোৱা যায়।

উল্লেখযোগ্য যে এই সমীক্ষা ৰাষ্ট্ৰীয় উদ্যানখনৰ দল হৰিণৰ পোৱালি জন্ম দিয়াৰ আগত কৰা গণনা ৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা দুটাকৈ বানপানীৰ পাচত হোৱা এই সমীক্ষা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

এই দিশৰ পৰা শেহতীয়া সমীক্ষাত কাজিৰঙাত পোৱা দল হৰিণৰ জনসংখ্যা সন্তোষজনক বুলি বিভাগীয় তথ্যত প্ৰকাশ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৬ চনৰ সমীক্ষা মতে কাজিৰঙাত ১১৪৮ টা আৰু ২০১৫ চনত ১০২৯ টা দল হৰিণ পোৱা গৈছিল ৷