অসমৰ বিদেশী ন্যায়াধিকৰণবোৰে মুঠ ১,১৭,১৬৪ জন বিদেশীক চিনাক্ত কৰিছে, চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত দিয়া তথ্য
অসমৰ বিদেশী ন্যায়াধিকৰণবোৰে এই বছৰৰ ৩১ মাৰ্চ পৰ্য্যন্ত মুঠ ১,১৭,১৬৪জন অবৈধ বিদেশীক চিনাক্ত কৰিছে (২০০৫-০৬ চনত ইয়াৰ প্ৰতিষ্ঠা কালৰ পৰা)।
চলিত বিধানসভা অধিৱেশনত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২৯ জুলাইত এই তথ্যখিনি দিয়ে।
পাটোৱাৰীৰ তথ্যত বিদেশী বিতাড়ন প্ৰক্ৰিয়াটোৰ ব্যৰ্থতাও উন্মোচিত হয়। তথ্যমতে, ১৯৮৫ চনৰ পৰা ২০১৯ চনৰ ৩০ জুনলৈকে মাত্ৰ ২৯,৮৫৫ জন বিদেশীকহে বিতাড়ন কৰা হৈছে।
এই বছৰৰ ৯ এপ্ৰিলত ৰাজ্য চৰকাৰখনৰ এই ক্ষেত্ৰত ব্যৰ্থতা উদঙাই মুখ্য সচিব আলোক কুমাৰে ২০১৫-২০১৮ সময়ছোৱাত চিনাক্ত কৰা বিদেশীৰ মাত্ৰ ৪জনকহে বহিষ্কাৰ কৰা হৈছে বুলি উচ্চতম ন্যায়ালয়ক জনাইছিল।
তেওঁ ৰাজ্য চৰকাৰখনৰ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ উদ্যমক যোৱা ৫ বছৰত “দুখলগা” আৰু “সন্তোষজনক নহয়” বুলি মৌখিক স্বীকাৰোক্তি দিছিল শীৰ্ষ আদালতখনত।
পাটোৱাৰীয়ে বিধানসভাত দিয়া তথ্যয়ো ৰাজ্য চৰকাৰৰ একেই ব্যৰ্থতাকে উদঙাই দিয়ে।
পাটোৱাৰীৰ তথ্যমতে, ২০০৫-০৬ আৰু ২০১৮-১৯ সময়ছোৱাত বিদেশী ন্যায়াধিকৰণবোৰত মুঠ ১৬৮.০২ কোটি টকা খৰচ হৈছে, যাৰ ৮১.৯৪ কোটি টকা কেন্দ্ৰই দিছে।
উল্লেখ কৰিব পাৰি যে অসমত সন্দেহজনক বিদেশীৰ গোচৰ নিষ্পত্তি কৰাৰ বাবে বৰ্তমান ১০০-খন বিদেশী ন্যায়াধিকৰণ আছে। উচ্চতম ন্যায়ালয়ক ৰাজ্য চৰকাৰে জনোৱামতে, অচিৰেই বৃহত সংখ্যক বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হ’ব।