NORTHEAST NOW (Assamese)

মোদী চৰকাৰৰ বৰ্বৰতা : পৰিৱেশকৰ্মী দিশা ৰবীক গ্ৰেপ্তাৰৰ পাছতে ক্ষোভিত বিভিন্ন মহল

February 15, 2021 3:45 pm · এন ই নাও নিউজ
Updated: February 15, 2021 3:52 pm

দেওবাৰে বাংগালুৰুৰ পৰা ছাত্ৰী তথা পৰিৱেশকৰ্মী দিশা ৰৱীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে বিভিন্ন মহলত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে দাবী কৰা মতে, ২১ বছৰ বয়সীয়া ছাত্ৰী দিশা ৰৱীয়ে ভাৰতৰ প্ৰতিচ্ছবি বিশ্ব প্ৰেক্ষাপটত ম্লান কৰিবলে ষড়যন্ত্ৰত লিপ্ত আছে আৰু আৰু সেই ষড়যন্ত্ৰৰ অংশ হিচাপেই গ্ৰেটা থানবাৰ্গৰ প্ৰতিবাদী ‘টুকইট’ত দিশা জড়িত আছিল।

টুইটাৰত এই লৈ বিভিন্ন জনে ক্ষোভ প্ৰকাশ কৰিছে। আমেৰিকান অধিবক্তা মিনা হেৰিছে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ব্ৰিটিছ সাংসদ ক্ল’ডিয়া ৱেব্বেও ভাৰত চৰকাৰক গৰিহণা জনাইছে।

 

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে দিশাৰ গ্ৰেপ্তাৰক ‘বৰ্বৰ’ আৰু ‘উৎপীড়ণ’ আখ্যা দিছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে নৰেন্দ্ৰ মোদীৰ স্বেচ্চাচাৰী শাসনক গৰিহণা জনাইছে।

 

শশী থাৰুৰে ইয়াক বাকস্বাধিনতাৰ ওপৰত মোদী চৰকাৰৰ হস্তক্ষেপ আখ্যা দিছে।

 

চিপিআই(এম)ৰ নেতা সীতাৰাম য়েছুৰীয়ে কয় যে, চৰকাৰৰ এই পদক্ষেপে সংগ্ৰামখনক অধিক ত্বৰান্বিত কৰিব।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে কয় যে ইয়াৰ দ্বাৰা গণতন্ত্ৰক আঘাত কৰা হৈছে।

 

উল্লেখযোগ্য যে, বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী দিশা ৰবী পৰিৱেশসুৰক্ষা সংক্ৰান্তীয় বিভিন্ন সংস্থাৰ স’তে জড়িত।

Related News