অনুচ্ছেদ ৩৭০ বাতিলেৰে জন্মু আৰু কাশ্মীৰ বিশেষ ৰাজ্যৰ ক্ষমতা কৰ্তন কৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰি শাসনাধিষ্ঠ বিজেপি দলে জন্মু আৰু কাশ্মীৰত প্ৰথমটো মুখ থেকেচা খাইছে।
অনুচ্ছেদ ৩৭০ কৰ্তনৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলটোত অনুষ্ঠিত স্থানীয় নিৰ্বাচনত বিজেপিয়ে গুপকৰ ডীক্লেৰেশ্যন মিত্ৰজোঁটৰ হাতত পৰাস্ত হৈছে।
কালি ভোট গণনা আৰম্ভ হোৱা ২০ খন জিলাৰ ২৮০ টা জিলা উন্নয়ন পৰিষদৰ সমষ্টিৰ নিৰ্বাচনত ফাৰুক আব্দুলাৰ নেতৃত্বাধীন সাতদলীয় গুপকৰ মিত্ৰজোঁটে ১১০ খন, বিজেপিয়ে ৭৪ খন আৰু কংগ্ৰেছে ২৬ খন আসন লাভ কৰিছে। বাকী আসনবোৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছে।
তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে কাশ্মীৰ ভেলীত বিজেপিয়ে মাত্ৰ ৩ খন আসনত জয়ী হোৱাৰ বিপৰীতে গুপকৰ মিত্ৰজোঁটে বিজয়ী হৈছে ৭২ খন আসনত।
কাশ্মীৰ ভেলীৰ শ্ৰীনগৰ জিলাক বাদ দি বাকী ৯ খন জিলাত গুপকৰ মিত্ৰজোঁটে জিলা উন্নয়ন পৰিষদ গঠন কৰাটো প্ৰায় নিশ্চিত হৈছে। শ্ৰীনগৰ জিলাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত কোনে স্থানীয় পৰিষদ গঠন কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
ইফালে ১৪০ খন আসনযুক্ত জন্মু প্ৰভিন্সত বিজেপিয়ে তুলনামূলকভাৱে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। জন্মুত বিজেপিয়ে ৭১ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটে লাভ কৰিছে ৩৫ খন আসন।
বৰ্তমানেও চাৰিখন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী থকা অৱস্থাত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৪৯ খন আসনত বিজয় সাৱ্স্ত্য কৰিছে।
স্মৰ্তব্য যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত জন্মু আৰু কাশ্মীৰ প্ৰথমবাৰ বাবে যোৱা ২৮ নৱেম্বৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল।