• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অহি-নকুল চীন-আমেৰিকা : ৭২ ঘণ্টাৰ ভিতৰত হিউষ্টনৰ চীনা দূতাৱাস বন্ধৰ নিৰ্দেশ ট্ৰাম্পৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 23, 2020 10:01 am

2 min read

11-14
1.7k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ তিক্ত হৈ পৰিছে আমেকিৰা আৰু চীনৰ দ্বি-পাক্ষিক সম্পৰ্ক।

ইয়াৰ ফলস্বৰূপে এইবাৰ আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে টেক্সাছৰ হিউষ্টনস্থিত চীনা দূতাৱাস ৭২ ঘণ্টাৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশ দিছে। মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা।

ট্ৰাম্প প্ৰশাসনে মাৰ্কিন নাগৰিকৰ তথ্য সুৰক্ষাৰ স্বাৰ্থ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনোৱা হৈছে।

ইফালে চীনৰ প্ৰতি বিতুষ্ট আমেকিৰাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এদিন পূৰ্বে চীনৰ সৈতে আমেৰিকাৰ বিভিন্ন প্ৰকল্পসমূহো অদূৰ ভৱিষ্যতে বন্ধ কৰা হ’ব পাৰে মন্তব্য কৰিছিল।

মাৰ্কিন প্ৰতিৰক্ষা মুখপাত্ৰ মৰ্গান ওৰ্টাগাছেও ভিয়েনা চুক্তিৰ প্ৰসঙ্গ আনি চীনে এই চুক্তি  ভংগ কৰাৰ অভিযোগ তুলি চীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাতকৈ মাৰ্কিন নাগৰিকৰ বৌদ্ধিক আৰু সম্পত্তি ৰক্ষা কৰাটো ট্ৰাম্প প্ৰশাসনৰ মৌলিক দায়িত্ব আৰু সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে।

ওৰ্টগাছৰ অভিযোগ যে ভিয়েনা চুক্তি উলংঘন কৰি চীনে মাৰ্কিন প্ৰশাসনৰ অভ্যন্তৰীণ বিষয়ত দখল দিব খুজিছে।

আনহাতে মঙলবাৰে হিউষ্টনৰ চীনা দূতাৱাসৰ পিছফালে এটা ডাষ্টবিনত এক অগ্নিকাণ্ড সংঘটিত হৈছিল। এই বিষয়ে চীনা দূতাৱাস নিশ্চূপ হৈ ৰোৱাত মাৰ্কিন ৰাষ্ট্ৰপতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, “তেওঁলোকে জৰুৰী কগজ পত্ৰ পুৰি পেলাইছে। আমি অবাক হৈ গৈছো।”

মাৰ্কিন চোৱাংচোৱা বিভাগৰ শীৰ্ষ বিষয়া ৰিছাৰ্ড গ্ৰেনেলৰ মতে হিউষ্টনৰ পিছতে চানফ্ৰান্সিছকোৰ চীনা দূতাৱাসো বন্ধ কৰি দিয়া হ’ব পাৰে।

মাৰ্কিন প্ৰশাসনৰ এনে সিদ্ধান্তৰ পিছত বেইজিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মাৰ্কিন প্ৰশাসনৰ এই সিদ্ধান্তই চীনক বোমাৰে আক্ৰমণ কৰি হত্যা কৰাৰ দৰে হৈছে। সেয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰই এই সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত।

ইফালে মাৰ্কিন প্ৰশাসনৰ এই সিদ্ধান্তৰ প্ৰত্যুত্তৰত বেইজিঙে হংকং, ছাংঘাই, গুৱাংঝেউ আদি প্ৰদেশৰ মাৰ্কিন দূতাৱাস বন্ধ কৰি দিব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মহলে আশংকা প্ৰকাশ কৰিছে।

Recent News

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd