• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ডুবাইৰ ৰাজকন্যাক অপহৰণৰ অভিযোগ! কোনে উত্থাপন কৰিছে এই অভিযোগ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2021 8:27 pm
Christian Michel Asks UK PM to Sanction Modi for UAE Princess's Abduction
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ অপহৰণৰ অভিযোগ উত্থাপিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে! ডুবাইৰ ৰাজকন্যাক অপহৰণ কৰিছিল মোদীয়ে! চাঞ্চল্যকৰ এই অভিযোগ উত্থাপন কৰিছে এজন ব্ৰিটিছ নাগৰিকে। তেওঁ হৈছে খ্ৰিষ্টিয়ান জেমছ মাইকেল।

ইতিমধ্যে মাইকেলে ব্ৰিটিছ প্রধানমন্ত্ৰী ব’ৰিছ জনছনলৈ এখনি ৯ পৃষ্ঠাৰ পত্ৰও প্ৰেৰণ কৰিছে। যদি মোদীৰ বিৰুদ্ধে ব্ৰিটিছ আইন অনুসৰি কোনো ব্যৱস্থা নলয়, তেন্তে তেওঁ আমৰণ অনশনত বহিব বুলিও ভাবুকি দিছে মাইকেলে।

উল্লেখ্য যে ৫৭ বৰ্ষীয় মাইকেল বৰ্তমান দিল্লীৰ তিহাৰ জেলৰ বাসিন্দা। ৩,৬০০ কোটীটকীয়া এটা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ২০১৮ চনৰ পৰা কাৰাবাস খাটি আছে তেওঁ। তেওঁ যিটো কেলেংকাৰীত অভিযুক্ত হৈ আছে সেয়া হৈছে আগষ্টা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰী।

Apply Now

২০১০ চনত মনমোহন সিং চৰকাৰৰ সময়ত আগষ্টা ৱেষ্টলেণ্ড নামৰ ভিভিআইপি লোকসকলৰ বাবে নিৰ্মাণ কৰা হেলিকপ্টাৰ কোম্পানীৰ স’তে ভাৰত চৰকাৰৰ চুক্তি হৈছিল। ভাৰতৰ মন্ত্ৰী-আমোলাসকলৰ বাবে হেলিকপ্টাৰসমূহ ক্ৰয় কৰিবলৈ কৰা এই চুক্তিখনত মধ্যস্থতাকাৰী আছিল মাইকেল। কিন্তু ২০১৮ চনত এই কেলেংকাৰী পোহৰলৈ আহে।

এনফ’ৰচমেণ্ট ডিৰেক্টৰটে ২০১৬ চনত প্ৰকাশ কৰা মতে, হেলিকপ্টাৰ ক্ৰয় কৰাৰ সম্পৰ্কত ভাৰতৰ মন্ত্ৰী-আমোলাসকলক উপঢৌকন দিবলৈ আগষ্টা ৱেষ্টলেণ্ডৰ পৰা মাইকেলে ২২৫ কোটি টকা লৈছিল।

আশীৰ দশক উত্তাল কৰি ৰখা ব’ফ’ৰ্চ কেলেংকাৰীৰ পাছতে এই হেলিকপ্টাৰ কেলেংকাৰীক ভাৰতৰ প্ৰতিৰক্ষা বিভাগত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰী বুলি গণ্য কৰা হয়। সেই অনুসৰি যোৱা তিনি বছৰ ধৰি মাইকেল তিহাৰ জেলত কাৰাবাস খাটি আছে।

আনহাতে, ২০১৮ চনত ২০১৮ চনত ডুবাইৰ ৰাজকন্যা লাটিফা বিণ্ট মহাম্মেদ আল মাকটুমে ভাৰত মহাসাগৰত নৌকা বিহাৰ কৰি আছিল। কিন্তু নৌকাবিহাৰ কৰি থকা অৱস্থাতে তেওঁ নিৰুদ্দেশ হয়। লগে লগে ই এটা চাঞ্চল্যকৰ ঘটনা হিচাপে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত চৰ্চিত হয়। কেইবামাহৰো অন্তত উক্ত বৰ্ষৰে ডিচেম্বৰত ৰাজকন্যাগৰাকীক পুনৰ ডুবাইত দেখা পোৱা যায়।

ব’ৰিছ জনছনলৈ প্ৰেৰণ কৰা পত্রখনত তেওঁ মাইকেলে লিখে যে ভাৰতৰ নৌবাহিনীয়ে ৰাজকন্যা লাটিফাক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি আক্ৰমণ কৰিছিল। মাইকেলে এইক্ষেত্ৰত যুক্তি দাঙি ধৰে যে ৰাজকন্যাগৰাকীয়ে ভাৰত মহাসাগৰৰ যিখিনি ঠাইত নৌকাবিহাৰ কৰিছিল, সেই ঠাইখণ্ডৰ ওপৰত কোনো দেশৰ একচেটিয়া অধিকাৰ নাই। তেনেস্থলত ভাৰতৰ বিশেষ সুৰক্ষাকৰ্মীয়ে ৰাজকন্যাগৰাকীক আক্ৰমণ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন বুলিব পাৰি।

উল্লেখযোগ্য যে সেই সময়ত মাইকেলে ডুবাইত বাস কৰিছিল। পত্ৰখনত তেওঁ অভিযোগ কৰে যে ৰাজকন্যাগৰাকীৰ বিনিময়ত তেওঁক ভাৰত চৰকাৰৰ হাতত হেলিকপ্টাৰ কেলেংকাৰীৰ সংক্ৰান্তত গটাই দিয়া হৈছিল।

মাইকেলে অভিযোগ কৰে যে তেওঁক ভাৰতলৈ অনাৰ পূৰ্বে চিবিআইৰ তদানীন্তন পৰিচালক ৰাকেশ আস্থানাই ডুবাইত লগ কৰিছিল। তেতিয়া আস্থানাই মাইকেলক ভাবুকি দিছিল যে যদি উক্ত হেলিকপ্টাৰ কেলেংকাৰীত মাইকেলে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু আহমেদ পেটেলৰ নাম সাঙুৰি নলয়, তেন্তে মাইকেলে ভাৰতত কাৰাবন্দী জীৱন যাপন কৰিব লাগিব।

পত্ৰখনত মাইকেলে ব্ৰিটেইনৰ গ্ল’বেল হিউমেন ৰাইটছৰ অধীনত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিবলৈও অনুৰোধ কৰে। তেওঁ লিখে যে ভাৰত মহাসাগৰৰ আন্তঃৰাষ্ট্ৰীয় চলনভূমিত ডুবাইৰ ৰাজকন্যাগৰাকীৰ বিৰুদ্ধে আক্ৰমণ চলাই ভাৰত চৰকাৰে মানৱাধিকাৰ উলংঘন কৰিছে।

যদি প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ব্যৱস্থা নলয়, তেন্তে তেওঁ ২৫ নৱেম্বৰৰ পৰা আমৰণ অনশনত বহিব বুলি পত্ৰখনত ভাবুকি দিয়ে। তদুপৰি তেওঁৰ ওপৰত কোনো অভিযোগ আৰোপ অথবা কোনো বিচাৰপ্ৰক্ৰিয়াও ইমানদিনে চলা নাই বুলি তাত লিখিছে।

মাইকেলৰ এই পত্ৰখনক সংবাদ মাধ্যমে লাভ কৰাৰ পাছতে ব্যাপক চৰ্চা আৰম্ভ হৈছে। সঁচাকৈয়ে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে নেকি ভাৰত চৰকাৰে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd