ৰোগ পীড়িত আৰু দাৰিদ্ৰ্য পীড়িত অৱস্থাত ১৫ দিনে অনাহাৰে নলবাৰীৰ এটা পৰিয়াল

28714398-64be-4410-a358-de0b29621f09

নলবাৰী চহৰৰ পৰা পূব প্ৰান্তৰ ২০ কিলোমিটাৰ নিলগত অৱস্থিত আমৰা গাঁৱৰ এটি চাৰিজনীয়া সদস্যৰ পৰিয়ালে বিগত ১৫-২০ দিন ধৰি কটাবলগীয়া হৈছে অনাহাৰে । এই হৃদয় বিদাৰক ঘটনা পোহৰলৈ অহাত এতিয়া সমগ্ৰ জিলা তথা অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

উল্লেখনীয় যে গুৱাহাটীৰ এটা কোম্পানীত কৰ্মৰত অৱস্থাত ষ্ট্ৰোক হৈ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা মুৰব্বী বীৰেন চক্ৰৱৰ্তী নামৰ লোকজন যোৱা দুবছৰ ধৰি শয্যাশায়ী হৈ থকাত এতিয়া আহুকালৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত।

মন কৰিবলগীয়া যে পৰিয়ালটোৰ মুৰব্বীজনৰ পত্নীয়েও দুৰাৰোগ্য ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ উপৰি তেওঁলোকৰ পুত্ৰ সন্তান ব্ৰজেন চক্ৰৱৰ্তীও যোৱা ন বছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ নামত সকলো শেষ সা-সম্পত্তি।

চিকিৎসালয়ৰ বিছনা আৰু ঘৰত পিতৃ-মাতৃয়ে মৃত্যুৰে যুঁজি থকাৰ মাজতে পুত্ৰ ব্ৰজেনে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ হয়। এই খবৰ লাভ কৰাত স্থানীয় বিধায়ক অশোক শৰ্মাই ছাত্ৰগৰাকীৰ নামভৰ্তীৰ বাবে ৫ হেজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছিল। কিন্তু ইয়াৰ পাছত পৰিয়ালটোৰ দুৰ্বিষহ জীৱন চাবলৈ কোনো ৰাজনৈতিক নেতাৰে আগমন নঘটিল।

উল্লেখ্য যে যোৱা দুটা বছৰে ওচৰ চুবুৰীয়াই পৰিয়ালটোৰ চিকিৎসাৰ নামত কিছু পৰিমানে আৰ্থিক সাহায্য আগবঢ়াই আহিছিল যদিও এতিয়া সকলো নিৰুপায়। পিতৃ-মাতৃ আৰু ভাতৃক এৰি এতিয়া কলৈকে যাব নোৱাৰে একমাত্ৰ কন্যা নৱনীতা চক্ৰৱৰ্তীয়েও।

নলবাৰী মহাবিদ্যালয়ৰ ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰী নৱনীতাই বন্ধ কৰি দিছে কলেজলৈ যোৱা। অৰ্থ উপাৰ্জনৰ নাই কোনো পথ। সেয়ে যোৱা প্ৰায় ১৫-২০ দিন ধৰি পৰিয়ালটোৱে কটাবলগীয়া হৈছে অনাহাৰে।

জানিব পৰা মতে ওচৰ-চুবুৰীয়াই চাহ-ভাত দিলে পৰিয়ালটোৱে খাবলৈ পায় নহ’লে অনাহাৰে কটায় নিশা। এনে এক হৃদয় বিদাৰক ঘটনাৰ বলি হোৱা পৰিয়ালটোৰ একমাত্ৰ সুস্থ সদস্যা তথা কন্যা নৱনীতাই এতিয়া জীয়াই থকাৰ তাড়নাত চৰকাৰ তথা সদাশয় লোকৰ ওচৰত সহায়ৰ ভিক্ষা মাগিছে।

ইয়াৰ উপৰি ওচৰ চুবুৰীয়াইও পৰিৱৰ্তন কামী চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে উক্ত পৰিয়ালটোক সহায় আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে।