তিৱা স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণৰ উপলক্ষে আজি মৰিগাঁও স্কুল খেল পথাৰত ভাৰতীয় জনতাৰ পাৰ্টিৰ এখন বিশাল কৃতজ্ঞতা সমাৰোহ অনুষ্ঠিত হয়।
মূলত এই সমাৰোহখনেৰে যেন ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণ শিঙা বজালে। ত্ৰিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুস্থিত কৃতজ্ঞতা সমাৰোহখনত মুখ্য অতিথিৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিজেপি চৰকাৰৰ দিনত অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকেই নিৰাপত্তা লাভ কৰিছে।
‘বিদেশীমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসমত অসমীয়া জাতিয়ে আস্থাৰে জীয়াই থাকিব পাৰিছে। দুৰ্নীতি মুক্ত অসম সকলো ক্ষেত্ৰতে স্বচ্ছতা আৰু নিকা মানসিকতা গঢ়ি উঠিছে।’
অসমীয়া জাতিয়ে সম্পূৰ্ণৰূপে অসম ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আজি বিজেপি চৰকাৰৰ ছত্ৰছায়াত সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজি সমগ্ৰ অসমত জনগণে এইখন চৰকাৰক নিজৰ চৰকাৰ হিচাপে গণ্য কৰিছে আৰু সেই বাবেই এটাৰ পাছত আনটো নিৰ্বাচনত আমি জনসাধাৰণৰ সমৰ্থন আৰু সহযোগিতা বুটলিবলৈ সক্ষম হৈছো।
আনহাতে নৱ গঠিত তিৱা স্বায়ত্ত পৰিষদখনত যাতে আগন্তুক দিনত সকলো জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়ন হয় তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধি সকলৰ উপৰিও সকলো সচেতন ব্যক্তিকে দায়িত্ব ল’বলৈ মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়।
একেদৰে সমাৰোহ খনত উপস্থিত থকা বিত্ত, স্বাস্থ্য, শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমবেত ৰাইজক উদ্দেশ্যি কয় যে ৰাইজৰ মৰম আৰু আদৰতে বিটিআৰ আৰু তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ দল জয়ী হৈছে।
ইয়াৰ পৰাই আগন্তুক ২০২১ ত অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই লগতে কয় যে আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচন মন্ত্ৰী হোৱা, বিধায়ক হোৱা নিৰ্বাচন নহয়, এই নিৰ্বাচন সেইসকলৰ পৰা জাতিটো ৰক্ষা কৰাৰহে নিৰ্বাচন।’
ইফালে বিজেপি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আজমলক দিছপুৰৰ আশে পাশে সোমাব নিদিওঁ বুলি দাবী কৰাৰ লগতে অসমীয়া ৰাইজৰ মৰম আদৰ থাকিলে আজমলে নোম এডালো লৰাব নোৱাৰে বুলি মন্ত্ৰী গৰাকীয়ে কয়।
উল্লেখ্য যে কৃতজ্ঞতা সমাৰোহখনৰ উদ্বোধনী ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ৰমাকান্ত দেউৰীয়ে তিৱা পৰিষদৰ পূৰ্বৰ বন্ধ হৈ থকা দহ কোটি টকা মোকলাই দিবলৈ চৰকাৰ তথা বিত্তমন্ত্ৰী গৰাকীক আহ্বান জনোৱাত মন্ত্ৰী শৰ্মাই কয় যে পূৰ্বৰ দহ কোটি টকা মোকলাই দিয়াৰ উপৰিও পৰিষদৰ ৩৬ সমষ্টিৰ ভিতৰত বিজেপিয়ে দখল কৰা ৩৪ টা সমষ্টিতে অতিৰিক্ত ৫ কোটিকৈ টকা সমষ্টি উন্নয়নৰ বাবদ মুকলাই দিব।
ইয়াৰোপৰি মৰিগাঁৱত এখন নতুন মেডিকেল কলেজ স্থাপন কৰিব বুলিও ৰাজহুৱা ভাৱে ঘোষণা কৰে।
উল্লেখ্য যে আজি সমাৰোহ খনত মন্ত্ৰী পীয়ুষ হাজৰিকা, কেন্দ্ৰীয় প্ৰাক্তন ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁই, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা উপস্থিত থাকে।
সভাৰ আৰম্ভণিতে গণ শিল্পী সূৰ্য দাসে ‘মানুহ দেখিছোঁ আজি বহুত মানুহ’ শীৰ্ষক গীতটো পৰিবেশন কৰে। সমাৰোহ অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে স্কুলৰ খেলপথাৰৰ কাষতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ আচুতীয়া পুঁজিৰ অধীনত আচাৰ্য ইলাৰাম দাস সোঁৱৰণী সাংস্কৃতিক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ পূৰ্বে পুৱা ১১ বজাত মৰিগাঁও জিলা সদৰস্থিত পবিতৰা হাট সভাগৃহত তিৱা স্বায়ত্ত পৰিষদৰ নৱ নিৰ্বাচিতসদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হয়।