• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকাশিত ‘ভাৰতৰত্ন ভূপেন হাজৰিকা: গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ’ শীৰ্ষক গ্ৰন্থত তথ্যৰ বিভ্ৰান্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2026 9:01 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকাশিত ‘ভাৰতৰত্ন ভূপেন হাজৰিকা: গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ’ শীৰ্ষক গ্ৰন্থক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্যগত ভুল থকাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ নেওগে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শৰৎ চন্দ্ৰ নেওগে গ্ৰন্থখনত থকা ভুলসমূহ আঙুলিয়াই দিছে। গ্ৰন্থখনৰ ২৪০ পৃষ্ঠাত উল্লেখ আছে যে ১৯৪৮ চনত অসমত গণনাট্য সংঘ প্ৰতিষ্ঠা হৈছিল। কিন্তু প্ৰকৃততে ১৯৪৪ চনতহে গুৱাহাটীত ইয়াৰ প্ৰথম শাখা গঠন হৈছিল। লগতে ১৯৪৭ চনত শিলচৰত অনুষ্ঠিত প্ৰথম ৰাজ্যিক অধিৱেশনত জ্যোতিপ্ৰসাদ আগৰৱালা সভাপতি নিৰ্বাচিত হোৱাৰ ঐতিহাসিক তথ্যও গ্ৰন্থখনত উপেক্ষা কৰা হৈছে।

Apply Now

ড° ভূপেন হাজৰিকা ১৯৬৭ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, কিন্তু গ্ৰন্থখনৰ ৮৭ পৃষ্ঠাত থকা এখন ফটোৰ কেপচনত ১৯৭২ চনত নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বুলি ভুলকৈ উল্লেখ কৰা হৈছে।

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত হেমাংগ বিশ্বাসৰ উদ্যোগত গঠিত সাংস্কৃতিক বাহিনীৰ কৃতিত্ব গ্ৰন্থখনত কেৱল ভূপেন হাজৰিকাকহে দিয়া হৈছে।

গ্ৰন্থখনৰ ২৩৮ পৃষ্ঠাত ভূপেন হাজৰিকাৰ জীৱন-পঞ্জীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুক লৈ এক অসংলগ্ন বাক্য ব্যৱহাৰ কৰা হৈছে, যাৰ কোনো প্ৰাসংগিকতা নাই বুলি নেওগে দাবী কৰিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লেখাত ১৯৬০ চনৰ ভাষা আন্দোলন আৰু সাম্প্ৰদায়িক সংঘৰ্ষক দুটা পৃথক ঘটনা হিচাপে দেখুওৱা হৈছে, যিটো ইতিহাসৰ দৃষ্টিত বিভ্ৰান্তিকৰ।

প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ ৪০ গৰাকী সদস্যলৈ পাণ্ডুলিপি প্ৰেৰণ কৰা হৈছিল। তাৰে ১২ গৰাকী সদস্যই মতামত দিছিল আৰু সেই অনুসৰি সংশোধন কৰা বুলি দাবী কৰা হৈছিল। ইমান উচ্চস্তৰীয় পুনৰীক্ষণৰ পাছতো এনে গুৰুতৰ ভুল কেনেকৈ ৰৈ গ’ল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

ভুল তথ্যৰে সমৃদ্ধ এই গ্ৰন্থখনে জনমানসত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰি শৰৎ চন্দ্ৰ নেওগে মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ গ্ৰন্থখনৰ প্ৰকাশ আৰু বিতৰণ বন্ধ কৰিবলৈ তথা ইতিমধ্যে বিতৰণ কৰা কপিসমূহ বাজেয়াপ্ত কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd