NORTHEAST NOW (Assamese)

নগাঁৱৰ ৰূপহীহাটত আয়কৰ বিভাগৰ অভিযান; চিকনি চুপাৰি ব্যৱসায়ীৰ আপত্তিজনক নথি-পত্ৰ জব্দ

February 28, 2019 10:14 pm · ভাৰ্গব হাজৰিকা
Updated: February 28, 2019 10:15 pm

অবৈধ সম্পত্তিৰ তথ্য বিচাৰি আজি গুৱাহাটীৰ আয়কৰ বিভাগৰ এটা বৃহৎ দলে নগাঁৱৰ ৰূপহীহাটৰ চিকনী চুপাৰিৰ ব্যৱসায়ী খাইৰুল ইছলামৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত তালাচী চলায়। পুৱাৰে পৰা চলোৱা অভিযানত দলটোৱে পোৱা তথ্যৰ সবিশেষ সাংবাদ মাধ্যমৰ আগত অৱগত নকৰিলে যদিও বিভিন্ন আপত্তিজনক নথি-পত্ৰ জব্দ কৰা বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ইফালে ৰূপহীহাট অঞ্চলৰ একাংশ চিকনী চুপাৰি ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি লাখ লাখ টকাৰ কৰ ফাকি দি ব্যৱসায় চলাই অহাৰ অভিযোগ আছে যদিও নগাঁও জিলাৰ আয়কৰ বিভাগে এই বিষয়ত চকু মুদা কুলিৰ ভাও ধৰি আহিছিল বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

আনকি বৰ্তমানেও ৰূপহীহাটৰ বৃহৎ চিকনী ব্যৱসায়ৰ লগত জড়িত বহু কেইজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ গুদামত লক্ষ লক্ষ টকাৰ কৰ ফাকি দি চিকনী চুপাৰি মজুত কৰি ৰাখাৰ অভিযোগ বহু সময়ত উত্থাপন হৈ আহিছে। এই ক্ষেত্ৰত তেওঁলোকৰ ওপৰত পৰৱৰ্তী সময়ত আয় কৰ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাব।

Related News