অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাছাও বন্ধৰ ঘোষণা

IMG20200206125802

ফটো: নৰ্থইষ্ট নাও

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধৰ ঘোষণা কৰিছিল।

ইণ্ডিজেনাছ পিপুলচ্ ফ’ৰামে আহ্বান জনোৱা উক্ত ১২ ঘন্টীয়া বন্ধক কেন্দ্ৰ কৰি সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখা গৈছিল।

বন্ধ সমৰ্থক আৰু বন্ধ বিৰোধী দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়।

পৰবৰ্তী সময়ত আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু অতিৰিক্ত জিলা উপায়ুক্ত ধ্রুবজ্যোতি দেব উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

মাৰপিটৰ ঘটনাত আহত হয় ইণ্ডিজেনাছ উইমেন ফ’ৰামৰ নেত্ৰী গৌনিৱেঙ ভাইফে, আইএছএফ সভাপতি ডেভিদ কেইভম আৰু আইএছএফ নেতা ডেভিদ টুওলাই।

ভাইফেৰ মূৰত আঘাত লগাৰ উপৰি কেইভম আৰু টুওলাইৰ মুখমণ্ডলত আঘাত লাগে।

কিন্তু ইয়াৰ পাছতো আবেলি তিনিটা লৈকে আকৌ বন্ধ বিৰোধী গোটৰ লগত বন্ধ সমৰ্থনকাৰীৰ হাফলং কালচাৰাল ইনস্টিটিউট হ’লৰ ওচৰত মুখামুখি হয় যদিও তেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’ল।

কিন্তু কিয় বন্ধৰ বিৰোধিতা কৰি এটা গোট ৰাজপথত ওলাই আহিছে এই বিষয়কলৈ বন্ধ আহ্বান জনোৱা ইণ্ডিজেনাছ গোটে ক্ষোভ ব্যক্ত কৰে।

আইপিএফৰ কাৰ্যনিৰ্বাহী সভাপতি এছ জেমিয়ে সংবাদ মাধ্যমৰ লগত সাক্ষাৎকাৰত কয়, ‘আমি শান্তি পূৰ্ণ ভাৱে বন্ধ পালনৰ কাৰনে ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল। কিন্তু বন্ধ বিৰোধী এটা ফৈদে বন্ধ সমৰ্থনকাৰী সকলৰ ওপৰত জপিয়াই পৰে। শিলগুটিও নিক্ষেপ কৰে। যাৰ কাৰণে এগৰাকী মহিলা আৰু দুগৰাকী যুবক আঘাত প্ৰাপ্ত হয়। যি অতিকৈ নিন্দাজনক ঘটনা।‘

তেওঁ লগতে কয়, ‘যিহেতু আমাক বন্ধকলৈ প্ৰত্যাহ্বান জনোৱা হৈছে আৰু শান্তিপূৰ্ণ বন্ধক ৰক্তাক্ত ৰূপ দিয়া হ’ল। ইয়াৰ বাবে জিলা বন্ধ সমৰ্থকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্টকালীন ডিমা হাচাও জিলা বন্ধৰ আহ্বান জনোৱা হ’ল।‘

এতিয়া আগন্তুক দিনত চৰকাৰে পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবিত কি ব্যৱস্থা লয় এয়া সময়ত লক্ষ্যণীয় হ’ব।