• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ ফেব্ৰুৱাৰিৰ পৰা পার্বত্য জিলাত অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 2, 2020 7:19 am
IMG20200201130208

শনিবাৰে হাফলঙত এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট ফ'ৰামৰ সংবাদমেল। ফটো:নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৭ ফেব্ৰুৱাইৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৰেইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হৈছে।

এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট ফ’ৰামে  এই অৱৰোধ কাৰ্যসূচীৰ ঘোষণা কৰিছে। শনিবাৰে হাফলঙত এক সংবাদ মেল পাতি ৰেইল অৱৰোধৰ বিষয়ে ঘোষণা কৰে আইএছএফৰ সভাপতি ডেভিড কেইভম।

Apply Now

কেইভমে কয় যে উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই যোৱা পাঁচ বছৰ ধৰি আমাৰ লগত প্ৰতাৰণা কৰি আহিছে।

যোৱা বছৰ মাৰ্চ মাহত ৰেইল অৱৰোধৰ সময়ত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ফালৰ পৰা প্ৰতিশ্ৰুতি পোৱাৰ পাছত অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০১৮ চনত কেইবালানিও বৈঠক হয়। উক্ত বৈঠকত তেতিয়াৰ মুখ্য সচিব টি ৱাই দাস উপস্থিত আছিল।

ইয়াৰ পাছত মুখ্য মন্ত্ৰীৰ ফালৰ পৰাও ৰেইল কৰ্তৃপক্ষক ক্ষতিপূৰণৰ ধন মোকোলাই দিয়াৰ  নিৰ্দেশ দিছিল। কিন্তু ৰেইল কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।

ডেভিড কেইভমে কয়, ‘উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই মুখ্য মন্ত্ৰীৰ নিৰ্দেশ উলঙ্ঘা কৰিছে। যি অত্যন্ত দুৰ্ভাগ্যজনক।’

কেইভমে কয় যে ৰেইল কৰ্তৃপক্ষ পাহাৰীয়া ৰাইজৰ আবেগ অনুভূতিক লৈ খেল খেলিছে। অন্যথা ৪.৫৮ কোটি টকা ক্ষতিপূৰণৰ ধন মোকোলাই দিয়াত ৰেইলৰ সমস্যা ক’ত ?

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডেভিডে স্পষ্ট কৰি দি কয় যে এইবাৰৰ অৱৰোধ লৈ আমি দৃঢ়তাৰে আগ বাঢ়িম। কোনো ধৰণৰ আশ্বাস আমি  মানি নলও। ৰেইলৱে কৰ্তৃপক্ষই ১৬ ফেব্ৰুৱাৰিৰ ভিতৰত ৪.৫৮ কোটি টকাৰ ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হ’লে ১৭ ফেব্ৰুৱাৰিৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেইল অৱৰোধ গঢ়ি তোলা হ’ব।

উল্লেখ্য যে লামডিং-শিলচৰ ব্ৰডগ’জ নিৰ্মাণৰ কাৰণে ডিমা হাছাও জিলাৰ প্ৰায় পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয়। দুখীয়া পৰিয়াসমূহে নিজৰ ঘৰ-বাৰীৰ লগতে কৃষি ভূমি আদি হেৰুৱাব লগা হৈছে।

কিন্তু দীৰ্ঘ আন্দোলনৰ পাছতো ৰাইজে আজিকোপতি নিজৰ প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰা নাই। এনে পৰিস্থিতিত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd