• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৭ ফেব্ৰুৱাৰিৰ পৰা পার্বত্য জিলাত অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , February 2, 2020 7:19 am

2 min read

IMG20200201130208

শনিবাৰে হাফলঙত এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট ফ'ৰামৰ সংবাদমেল। ফটো:নৰ্থইষ্ট নাও

557
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ ফেব্ৰুৱাইৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ৰেইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হৈছে।

এন চি হিলছ ইণ্ডেজিনাছ স্টুডেন্ট ফ’ৰামে  এই অৱৰোধ কাৰ্যসূচীৰ ঘোষণা কৰিছে। শনিবাৰে হাফলঙত এক সংবাদ মেল পাতি ৰেইল অৱৰোধৰ বিষয়ে ঘোষণা কৰে আইএছএফৰ সভাপতি ডেভিড কেইভম।

কেইভমে কয় যে উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই যোৱা পাঁচ বছৰ ধৰি আমাৰ লগত প্ৰতাৰণা কৰি আহিছে।

যোৱা বছৰ মাৰ্চ মাহত ৰেইল অৱৰোধৰ সময়ত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ফালৰ পৰা প্ৰতিশ্ৰুতি পোৱাৰ পাছত অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০১৮ চনত কেইবালানিও বৈঠক হয়। উক্ত বৈঠকত তেতিয়াৰ মুখ্য সচিব টি ৱাই দাস উপস্থিত আছিল।

ইয়াৰ পাছত মুখ্য মন্ত্ৰীৰ ফালৰ পৰাও ৰেইল কৰ্তৃপক্ষক ক্ষতিপূৰণৰ ধন মোকোলাই দিয়াৰ  নিৰ্দেশ দিছিল। কিন্তু ৰেইল কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই।

ডেভিড কেইভমে কয়, ‘উত্তৰ-পূব সীমান্ত ৰেইলৱে কৰ্তৃপক্ষই মুখ্য মন্ত্ৰীৰ নিৰ্দেশ উলঙ্ঘা কৰিছে। যি অত্যন্ত দুৰ্ভাগ্যজনক।’

কেইভমে কয় যে ৰেইল কৰ্তৃপক্ষ পাহাৰীয়া ৰাইজৰ আবেগ অনুভূতিক লৈ খেল খেলিছে। অন্যথা ৪.৫৮ কোটি টকা ক্ষতিপূৰণৰ ধন মোকোলাই দিয়াত ৰেইলৰ সমস্যা ক’ত ?

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডেভিডে স্পষ্ট কৰি দি কয় যে এইবাৰৰ অৱৰোধ লৈ আমি দৃঢ়তাৰে আগ বাঢ়িম। কোনো ধৰণৰ আশ্বাস আমি  মানি নলও। ৰেইলৱে কৰ্তৃপক্ষই ১৬ ফেব্ৰুৱাৰিৰ ভিতৰত ৪.৫৮ কোটি টকাৰ ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হ’লে ১৭ ফেব্ৰুৱাৰিৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেইল অৱৰোধ গঢ়ি তোলা হ’ব।

উল্লেখ্য যে লামডিং-শিলচৰ ব্ৰডগ’জ নিৰ্মাণৰ কাৰণে ডিমা হাছাও জিলাৰ প্ৰায় পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয়। দুখীয়া পৰিয়াসমূহে নিজৰ ঘৰ-বাৰীৰ লগতে কৃষি ভূমি আদি হেৰুৱাব লগা হৈছে।

কিন্তু দীৰ্ঘ আন্দোলনৰ পাছতো ৰাইজে আজিকোপতি নিজৰ প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰা নাই। এনে পৰিস্থিতিত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd