• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য গুৰপ্ৰীত! পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 8:02 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনবদ্য গুৰপ্ৰীত সিং সান্ধু। পেনাল্টিত অবিশ্বাস্য চেভ ভাৰতীয় গ’লৰক্ষক গুৰপ্ৰীতৰ। তেওঁৰ কুশলী শক্তিৰ বলতেই ৰুদ্ধশ্বাস মেচখনত জয়লাভ সুনীল ছেত্ৰীৰ দলৰ। ছেমি ফাইনেলত লেবাননক পৰাস্ত কৰি ভাৰতে ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে। ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১৩ বাৰ এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিলে। মুঠ ৮ বাৰ ছাফ চেম্পিয়ন হৈছে সুনীল ছেত্ৰীৰ দলটোৱে।

ছাফ চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ পূৰ্বে ফিফাৰ ৰেংকিঙৰ শীৰ্ষ দল আছিল লেবানন। ছেমি ফাইনেলত ভাৰতক কঠিন যুঁজ দিব বুলি আশা কৰা হৈছিল। তদুপৰি, ভাৰতৰ আৰু দুটা সমস্যা আছিল। এক, প্ৰশিক্ষক ইগাৰ ষ্টিমেক ডাগ আউটত নথকাটো। দুই, প্ৰতিৰক্ষা স্তম্ভ সন্দেশ ঝিংঘনৰ অনুপস্থিতি।

Apply Now

আনহাতে, একেৰাহে খেল খেলি থকাৰ বাবে ফুটবলাৰসকলৰ মানসিক স্বাস্থ্যইও প্ৰশিক্ষকক চিন্তিত কৰি তুলিছিল। সকলো সমস্যা অতিক্ৰম কৰি শনিবাৰে খেলখনৰ আৰম্ভণি উজলাই তুলিবলৈ চেষ্টা কৰিছিল ভাৰতীয় দলটোৱে।

কিন্তু প্ৰথম অৱস্থাত মেন ইন ব্লু ফুটবলাৰসকলৰ সেই চিনাকি ৰসায়নৰ অভাৱ আছিল। তাৰ আন এটা কাৰণ হ’ল ইটোৰ পিছত সিটো ফাউল। খেলখনৰ প্ৰথমাৰ্ধত গতি বৃদ্ধি হোৱা নাছিল। কিন্তু মেচখন আগবঢ়াৰ লগে লগে ছবিখন সলনি হ’বলৈ আৰম্ভ কৰে।

ভাৰতে আক্ৰমণৰ গতি বঢ়াই তোলে। সাহাল, মহেশ, চাংটেৰাই ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰিবলৈ ধৰে। নিৰ্ধাৰিত সময়ৰ ৭০ মিনিটৰ পাছত ভাৰতে কাৰ্যতঃ একপক্ষীয়ভাৱে আক্ৰমণ চলায়। কিন্তু কেতিয়াবা ভাগ্যৰ বাবে কেতিয়াবা ফাইনেল বল বা শ্বট ঠিক নোহোৱাৰ বাবে গ’ল হোৱা নাছিল। আনকি সুনীল ছেত্ৰীয়েও মাত্ৰ ৬ গজ দূৰত্বৰ পৰা এটা গ’ল নষ্ট কৰিছিল। ফলত খেলখন গ’লবিহীনভাৱে সমাপ্ত হয়।

অভাৰটাইমলৈ যায় খেলখন। কিন্তু ছবিখন সলনি নহ’ল। ভাৰতে আক্রমণ কৰিলেও, ইটোৰ পাছত সিটো সুযোগ সৃষ্টি কৰিলেও গ’ল দিব নোৱাৰিলে৷ ভাৰতৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত লেবানন কাৰ্যতঃ নিজৰ হাফতে আবদ্ধ হৈ পৰিছিল। কিন্তু ইমানবোৰ আক্ৰমণেও কাম কৰা নাছিল। অতিৰিক্ত সময়তো গ’ল কৰিব নোৱাৰিলে সুনীল ছেত্ৰীহঁতে।

ইপিনে, লেবাননে শেষত দুটা ভাল ওলোটা আক্ৰমণ কৰি গ’ল দিয়াৰ কাষ চাপিছিল যদিও তেওঁলোকে গুৰপ্ৰীতৰ দুৰ্গ ভেদ কৰিব নোৱাৰিলে। শেষত খেলখন পেনাল্টি শ্বুটআউটলৈ গ’ল আৰু ভাৰতৰ গ’লৰক্ষক গুৰপ্ৰীতে পেনাল্টিত চমক দিলে। তেওঁ লেবাননৰ প্ৰথমটো শ্বটেই অতুলনীয় পজিচনত ডাইভ কৰি ব্লক কৰে। আকৌ শেষৰটো শ্বট বাৰ পোষ্টৰ ওপৰেৰে মাৰিলে লেবাননৰ ষ্ট্ৰাইকাৰগৰাকীয়ে।

আনহাতে, চাৰিওজন ভাৰতীয় পেনাল্টি শ্বুটাৰে গ’ল দিয়ে। ফলত মেন ইন ব্লুয়ে খেলখনত ৪-২ গ’লত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd