অৱশেষত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত টকিঅ’ত আৰম্ভ হ’ল অলিম্পিক। ভাৰতে প্ৰথম দিনটোত আৰ্চাৰীৰ যুঁজ দিয়েই অলিম্পিকৰ যাত্ৰা আৰম্ভ কৰে।
চৰকাৰীভাৱে শনিবাৰৰ দিনটোৱেই অলিম্পিকৰ প্ৰথম দিন হিচাপে ধৰা হৈছে। প্ৰথমটো দিনতে ভাৰতীয় এথলেটসকলে পদক জয়ৰ লক্ষ্যৰে যুঁজত অৱতীৰ্ণ হৈছে।
মিক্সড ডবলছ টেবিল টেনিছত তাইপেইৰ প্ৰতিপক্ষৰ বিৰুদ্ধে দ্বিতীয় গেমত ৬-১১ব্যৱধানত পৰাজিত হয় সৰথ মনিকা। মাত্ৰ ৬মিনিট সময় চলে দ্বিতীয় গেম। সেইদৰে প্ৰথম গেমত যুটীটোৱে ৮-১১ব্যৱধানত পৰাজিত হয়।
ইপিনে, জুডোত সুশীলা দেবীয়ে প্ৰথমখন মেচত হাংগেৰীৰ এভাৰৰ লগত পৰাজিত হয়।
কিন্তু পুৰুষৰ হকীত পুল-এ’ৰ প্ৰথমখন মেচত নিউজিলেণ্ডক ভাৰতে ৩-২গলত পৰাজিত কৰে। ভাৰতৰ হৈ ২৬ আৰু ৩৩ মিনিটত দুটাকৈ গল দিয়ে হৰমনপ্ৰীত সিঙে। ইয়াৰে ১০ মিনিটৰ পাছতে আনটো গল দিয়ে ৰূপিন্দৰ পাল সিঙে।
নিউজিলেণ্ডৰ হৈ ৬মিনিটত প্ৰথমটো গল দিয়ে কেন ৰাছেলে। তাৰ পাছত ৪৩মিনিটত ষ্টিফেন জেনছে দ্বিতীয়টো গল কৰে।
আৰ্চাৰীৰ মিক্সড টীম ইভেন্টৰ কোৱাৰ্টাৰ ফেইনেলত শক্তিশালী কোৰিয়াৰ মুখামুখি হব ভাৰত। প্ৰথম ৰাউণ্ডত ভাৰতে তাইপেক ৫-৩ব্যৱধানত পৰাজিত কৰে।
সেইদৰে কোৰিয়াই ৬-০ব্যৱধানত পৰাজিত কৰে বাংলাদেশক।