• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

India beat South Africa: ঈশান-শ্ৰেয়াছৰ ৰাজকীয় বেটিঙেৰে সহজ জয়; ধোনীৰ চহৰত শৃংখলাত সমতা স্থাপন টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2022 8:52 am
134
VIEWS
Share on FacebookShare on Twitter

India beat South Africa by 7 wickets ভাৰতীয় দলৰ ছিনিয়ৰসকলে আগন্তুক বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়াত প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু দেশৰ মাটিত ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰে দৃষ্টি আকৰ্ষণকাৰী ইনিংছেৰে বুজাই দিলে যে আমিও কম নহয়।

মাত্ৰ ৭ ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হ’ল ঈশান। শ্ৰেয়াছে এটা বাউণ্ডেৰী মাৰি তেওঁৰ এদিনীয়া কেৰিয়াৰৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে। একে সময়তে তেওঁ দলটোৰ বাবে এক অতি মূল্যৱান বিজয় সাৱ্যস্ত কৰে। এই বিজয়ৰ জৰিয়তে শিখৰ ধাৱানৰ টীম ইণ্ডিয়া শৃংখলাটোত সমতালৈ উভতি আহে।

দেওবাৰে শ্ৰেয়াছ সাৱলীল ছন্দত আছিল। তেওঁ পূৰ্বৰ মেচখনতো অৰ্ধশতক অৰ্জন কৰিছিল। কিন্তু বিজয় আধৰুৱা হৈ ৰৈছিল। কিন্তু পূৰ্ণিমাৰ নিশা তেওঁ দেশবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সফল হৈছিল। তেওঁ ১১৩ ৰাণত অপৰাজিত হৈ থাকি দলক বিজয় প্ৰদান কৰি খেলপথাৰ এৰিছিল। তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে।

ইয়াৰ আগতে ঈশানে শক্তিশালী প্ৰদৰ্শেনে ৮৪ টা বলত ৯৩ ৰাণ সংগ্ৰহ কৰি দলটোক বিজয়ৰ দুৱাৰ দলিলৈ লৈ যোৱাৰ কাম কৰিছিল।

দেওবাৰৰ দিনটোতে বাভুমাৰ অবিহনে কেশৱ মহাৰাজৰ নেতৃত্বত দক্ষিণ আফ্ৰিকা খেলপথাৰত অৱতীৰ্ণ হয়। টছত জয়ী হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰে আৰু ভাৰতৰ সন্মুখত যথেষ্ট বৃহৎ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰে। হেণ্ড্ৰিক্স আৰু মাৰ্ক্ৰামে বেটেৰে চমক দিছিল। অৱশ্যে চিৰাজৰ পেচ ধুমুহাৰ সন্মুখত ত্ৰাহি মধুসূদন দেখিছিল কুইন্টন ডি ককে।

চিৰাজে তিনিটা উইকেট দখল কৰে। অভিষেক খেলখনত শ্বাহবাজ আহমেদে মালানক পেভিলিয়নলৈ ঘূৰাই পঠিয়াই সতীৰ্থসকলক প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বেটিং অৰ্ডাৰৰ আৰম্ভণিতে আঘাত হানিলেও যুৱ ব্ৰিগেডৰ পৰাক্ৰমত জয়ৰ ক্ষুধা ত্যাগ কৰিব লগা হয় দক্ষিণ আফ্ৰিকাই। অপেনাৰ ধাৱান আৰু শুভমান গিল ক্ৰমে ১৩ আৰু ২৮ ৰাণত আউট হৈছিল। কিন্তু তেতিয়া ধোনীৰ চহৰ ৰাঁচীত ঈশান-শ্ৰেয়াছৰ ধুমুহাত বিপক্ষৰ বলি তচনচ হৈ পৰিছিল। দৰ্শকসকলে উপভোগ কৰিছিল এক মনোৰঞ্জক ক্ৰিকেট।

টীম ইণ্ডিয়াৰ যুৱ ব্ৰিগেডৰ এনে আত্মবিশ্বাসী প্ৰদৰ্শনে নিঃসন্দেহে ৰাহুল দ্ৰাবিড়ক সকাহ দিব। এতিয়া ধাৱান বাহিনীৰ লক্ষ্য হৈছে তৃতীয় খন মেচ জিকি শৃংখলাটো হস্তগত কৰা। 

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd