• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰত্যাহ্বান নেওচি ভাৰতৰ ছিৰিজ জয়; পৰাজিত হৈও ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিলে ৱেষ্ট ইণ্ডিজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2025 12:55 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই শৃংখলাত ভাৰতে জয়ী হ’ব বুলি জনাই গৈছিল। কিন্তু হয়তো কোনো ক্ৰিকেট বিশেষজ্ঞই ভৱিষ্যদ্বাণী কৰিব পৰা নাছিল যে শুভমন গিলে বাহিনীয়ে শৃংখলাটো জয় কৰিবলৈ এনেদৰে মূৰৰ ঘাম মাটিত পেলাব লাগিব।

জন কেম্পবেল-শ্বাই হোপৰ ৱেষ্ট ইণ্ডিজে ভাৰতে জাপি দিয়া ফ’ল’ অন চম্ভালি চতুৰ্থ ইনিংছত ভাৰতক বেটিং কৰিবলৈ বাধ্য কৰাব বুলি এনে ডাঙৰ ভৱিষ্যদ্বাণীও কোনেও কৰা নাছিল। অৱশেষত ভাৰতে মেচখনৰ লগতে শৃংখলাত জয়লাভ কৰে যদিও কেৰিবিয়ানৰ এই মৰণপন যুঁজখনে ক্ৰিকেট অনুৰাগীৰ মনত দাগ বহুৱাই থৈ গ’ল।

Apply Now

ঘjj মাটিত প্ৰথমবাৰৰ বাবে জাতীয় দলৰ নেতৃত্ব দি আছে শুভমনে। তেওঁৰ অধিনায়কত্বত আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত কেৰিবিয়ান বাহিনীয়েপ্ৰায় আত্মসমৰ্পন কৰে। মাত্ৰ আঢ়ৈ দিনৰ ভিতৰতে ভাৰতীয় দলে জয়লাভ কৰে। ক্ৰিকেট জগতে ধৰি লৈছিল যে দ্বিতীয়খন টেষ্টো একেদৰেই শেষ হ’ব। সেইবাবেই টেষ্ট মেচতকৈ ৰোহিত শৰ্মাৰ অনুশীলন চাবলৈ মুম্বাইত অধিক ভিৰ হৈছিল।

কিন্তু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰসকলে অন্য ধৰণে চিন্তা কৰিছিল। টছৰ সময়ত কেৰিবিয়ানৰ অধিনায়কগৰাকীয়ে কৈছিল যে তেওঁৰ লক্ষ্য ৯০ অভাৰ বেটিং কৰা। খেলখনৰ শেষত স্ক’ৰকাৰ্ডত লিখা আছিল যে ৱেষ্ট ইণ্ডিজে দুয়োটা ইনিংছতে প্ৰায় ২০০ অভাৰ বেটিং কৰিছিল। সেইটো নৈতিক জয়তকৈ কম নে?

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰথমে বেটিং কৰি শুভমন গিল বাহিনীয়ে ৫১৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত কেৰিবিয়ান ইনিংছ ২৪৫ ৰানতে অন্ত পৰে। শুভমন লগে লগে ৱেষ্ট ইণ্ডিজক ফলো অন কৰায়। কিন্তু ২৭০ ৰানত পিছ পৰি থকাৰ পাছতো ৱেষ্ট ইণ্ডিজে দ্রুত প্রত্যাৱর্তন ঘটায়৷ প্ৰথমে জন কেম্পবেল, তাৰ পিছত শ্বাই হোপ- দুটা শতকেৰে দলক ইনিংছ পৰাজয়ৰ পৰা ৰক্ষা কৰে। ৰষ্টন চেজৰ দলটোৱে ভাৰতক জয়ী হ’বলৈ ১২১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

এই সামান্য ৰাণৰ লক্ষ্য অনুসৰণ কৰিও ভাৰতে তিনিটা উইকেট হেৰুৱায়। শেষত কে এল ৰাহুলে নিজৰ ঠাণ্ডা মেজাজ ধৰি ৰাখি অৰ্ধশতক অৰ্জন কৰি ভাৰতক জয়ৰ দিশে আগুৱাই লৈ যায়। এই শৃংখলাত তেওঁ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। যশস্বী জয়ছোৱালে সৰ্বাধিক ২১৯ ৰান সংগ্ৰহ কৰিছে।

সৰ্বাধিক সফল বলাৰ কুলদীপ যাদৱ। তেওঁ ১২ টা উইকেট দখল কৰে। অহা মাহত ঘৰৰ মাটিত টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা খেলিব ভাৰতে। ভাৰতৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে যিদৰে প্ৰত্যাহ্বান জনাইছে, ইয়াৰ ফলত প্ৰটিয়াছৰ বিৰুদ্ধে নমাৰ আগতে গৌতম গম্ভীৰ চিন্তা কিছু বাঢ়িব পাৰে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতৰ প্ৰথম ইনিংছ: ৫১৮/৫ ঘোষণা (যাশস্বী ১৭৫, শুভমন ১২৯*, ৱাৰিকন ৩/৯৮)

ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছ: ২৪৮ (আথানাছে ৪১, কুলদীপ ৫/৮২, জাডেজা ৩/৪৬)

ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছ: ৩৯০ (কেম্পবেল ১১৫, হোপ ১০৩, বুমৰাহ ৩/৪৪, কুলদীপ ৩/১০৪)

ভাৰত দ্বিতীয় ইনিংছ: ১২৪/৩ (ৰাহুল ৫৮*, সুদৰ্শন ৩৯, চেজ ২/৩৬)

ভাৰতে ৭ উইকেটত জয়লাভ কৰে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd