• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2021 2:34 pm

1 min read

WhatsApp Image 2021-01-19 at 1.48.31 PM
274
VIEWS
Share on FacebookShare on Twitter

১৯৮৮চনৰ পাছৰে পৰা ব্ৰীছবেনত অষ্ট্ৰেলিয়াই কোনো টেষ্টত পৰাজিত হোৱা নাছিল। ভাৰতেও ইয়াৰ পূৰ্বে গাব্বাত কোনো টেষ্টত জয়লাভ কৰা নাছিল।

অজিংকা ৰাহানেৰ নেতৃত্বত টীম ইণ্ডিয়াই ইতিহাস সলনি কৰি দিলে। গাব্বাত অষ্ট্ৰেলিয়াৰ দুৰ্গত মোক্ষম আঘাত হানি ছিৰিজ জয় কৰিলে ভাৰতে।

ব্ৰীছবেনত যিদৰে অষ্ট্ৰেলিয়াৰ সফলতাৰ অধ্যায়ৰ সামৰণি পৰিল, সেইদৰে ভাৰতে লিখিলে নতুন ইতিহাস।

ব্ৰীছবেন এক শিহৰণকাৰী মেচত অষ্ট্ৰেলিয়াক ভাৰতে পৰাজিত কৰিলে। তিনি অভাৰৰ খেল বাকী থকা অৱস্থাতে টীম ইণ্ডিয়াই ৩উইকেটত বিজয় সাৱ্যস্ত কৰে।

অষ্ট্ৰেলিয়াৰ ৩৬৯ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৩৩৬ৰাণ কৰি অল আউট হয়। ৩৩ৰাণৰ অগ্ৰগতি লাভ কৰি অষ্ট্ৰিলায়াই দ্বিতীয় ইনিংছত ২৯৪ৰাণত ইনিংছ সামৰে।

সেইদৰে, অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত বিজয়ৰ বাবে ৩২৭ৰাণৰ লক্ষ্য আগবঢ়ায়। ভাৰতে মেচ শেষ হ’বলৈ ৩ অভাৰ বাকী থাকোতেই ৭উইকেটৰ বিনিময়ত ৩২৯ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে।

এডিলেডৰ প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াই জয়লাভ কৰে। মেলব’ৰ্ণৰ দ্বিতীয়খন টেষ্টত জয়লাভ কৰি ভাৰতে ছিৰিজত সমতা স্থাপন কৰে। ছিডনীৰ তৃতীয় টেষ্ট ড্ৰ’ হয়। কিন্তু ব্ৰীছবেনৰ অন্তিমখন টেষ্টত বিজয় সাৱ্যস্ত কৰি ভাৰতে চাৰিখন টেষ্টৰ ছিৰিজটো ২-১ ব্যৱধানত দখল কৰে।

ইয়াৰ ফলত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী নিজৰ হাতত ৰাখে টীম ইণ্ডিয়াই। এইদৰে ভাৰতে একেৰাহে অষ্ট্ৰেলিয়াত দুটা টেষ্ট ছিৰিজ বিজয়ৰ অভিলেখ গঢ়ে।

Recent News

IMG_20210306_150302

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd