NORTHEAST NOW (Assamese)

কোভিডৰ নতুন সংক্ৰমণৰ সংখ্যা হ্ৰাস পালেও অসাৱধান নোহোৱাৰ আহ্বান দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

January 13, 2021 7:16 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ভাৰতত নতুনকৈ কোভিডত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা হ্ৰাস পালেও ভাৰতে এইক্ষেত্ৰত কেতিয়াও অসাৱধান হ’ব নোৱাৰে বুলি মঙলবাৰে এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সদৰী কৰা হয়।

কেন্দ্ৰীয় স্বাস্থ্য সচিৱ ৰাজেশ ভূষণে এখন সংবাদমেল সম্বোধন কৰি মঙলবাৰে এইদৰে মন্তব্য প্ৰকাশ কৰে।

ৰাজেশ ভূষণে সমগ্ৰ বিশ্বত হৈ থকা ভাইৰেল সংক্ৰমণ সন্দৰ্ভতো গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত কোভিডৰ নতুন সংক্ৰমণৰ পৰা ভাৰতে শিক্ষা গ্ৰহণ কৰিব লাগে বুলিও স্বাস্থ্য সচিৱ গৰাকীয়ে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সোমবাৰে ভাৰতত প্ৰায় ১২০০০ লোক নতুনকৈ কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছে যিটো বহু দিনৰ মুৰত সৰ্বনিম্ন সংক্ৰমণৰ তথ্য।

আনহাতে, ভাৰতত ১৬ জানুৱাৰিৰ পৰা কোভিড ভেকচিন প্ৰদান কৰা হ’ব।

ইতিমধ্যে দেশত চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিনক জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও কোভিড ভেকচিন আবিস্কাৰ হলেও ২০২১ চনৰ অন্তলৈ জনসাধাৰণে ‘হাৰ্ড ইমিউনিটি’ লাভ নকৰে বুলি উল্লেখ কৰি সকলো সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি থাকিবলৈ কৈছে।

Related News