লাডাখত সীমান্তত উত্তেজনা; অৰুণাচল প্ৰদেশতো হাই এলাৰ্ট

ভাৰত আৰু চীনৰ মাজত লাডাখত তীব্ৰ উত্তেজনাময় পৰিস্থিতি চলি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে আই টি বি পি আৰু এছ এছ বিক সীমান্ত অঞ্চলত সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিছে।

এল এ চিত চীন আৰু ভাৰতৰ মাজত উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে গৃহ মন্ত্ৰ্যালয়ে পূৱ লাডাখ আৰু অৰুণাচলপ্ৰদেশত আই টি বি পি আৰু এছ এছ বিৰ জোৱান সকলক সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত অৰুণাচল প্ৰদেশত ১০৮০ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ে অৰুণাচললৈ অতিৰিক্ত সেনা পঠোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে, লাডাখ আৰু অৰুণাচলপ্ৰদেশৰ পাছত উত্তৰাখণ্ড, হিমাচলপ্ৰদেশ আৰু ছিকিম সীমান্ততো আই টি বি পি আৰু এছ এছ বিক সষ্টম হৈ থকাৰ নিৰ্দেশনা দিয়া হৈছে।

পূৱ লাডাখৰ পেংগংছো, ৰেজাংগলাত ভাৰতীয় সেনা বাহিনীয়ে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মিক বাধা প্ৰদান কৰাৰ পাছতে সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি পাইছে।