চীন-ভাৰতৰ আলোচনা: ডেপচাং,লাডাখৰ পৰা সেনা অপসাৰণৰ দাবীত অটল ভাৰত

Indian-army_

ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ ষষ্ঠ লানি আলোচনা অনুষ্ঠিত হৈছে।

সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ত অনুষ্ঠিত এই আলোচনাতো ভাৰতে পূৰ্বৰ স্থিতিতে অটল থাকি ডেপচাং আৰু লাডাখৰ পৰা চীনৰ সেনা অপসাৰণৰ দাবী জনায়।

ভাৰত-চীন সীমান্তৰ দৌলত বেগ অলডি অঞ্চলত দুয়োখন দেশৰ শীৰ্ষ সেনা বিষয়াৰ মাজত অনুষ্ঠিত আলোচনা কালতে চীনে পুনৰ সীমান্তৰ পৰা দেশখনৰ সেনাক আঁতৰাই নিব বুলি কথা দিয়ে।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত প্ৰায় ১৭,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰাখিছে।

এনে পৰিস্থিতিত চীন আৰু ভাৰতৰ সীমান্তত বিৰাজ কৰিছে এক যুদ্ধ সদৃশ পৰিবেশ।

চীনৰ সাম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।

সীমান্তত উত্তেজনাৰ মাজতে ফ্ৰান্সৰ পৰা ভাৰত আহি পাইছেহি ৫ খন কৈ ৰাফেল যুদ্ধ বিমান। চীনৰ সৈতে ইয়াৰ পূৰ্বে ভাৰতৰ সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ পিছতে চীনে সীমান্তৰ পৰা কিছু সংখ্যক সেনা অপসাৰণ কৰিছিল যদিও এতিয়াও বহু সেনা সীমান্ততে আছে।