• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত মাংকিপক্সৰ সংক্ৰমণ! বিদেশ পৰা উভতি অহা যুৱকৰ শৰীৰত ধৰা পৰিল ভাইৰাছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 11:08 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যসমূহলৈ গাইডলাইন জাৰি কৰা হৈছিল। উদ্বেগ বৃদ্ধি কৰি সোমবাৰেই প্ৰথমজন আক্ৰান্ত ধৰা পৰিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শেহতীয়াকৈ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা এজন ব্যক্তি মাংকিপক্সত আক্ৰান্ত।

এই ঘটনাত স্বাভাৱিকতে আতংকৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। যোৱা দেওবাৰে সন্দেহযুক্ত ৰোগীজনৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। সোমবাৰে প্ৰতিবেদন ওলোৱাৰ লগে লগে দেখা গ’ল যে তেওঁ এই ভাইৰাছত আক্ৰান্ত।

শেহতীয়াকৈ বিদেশৰ পৰা উভতি অহা এজন যুৱকৰ দেহত মাংকিপক্সৰ লক্ষণ দেখা গৈছে। যিখন দেশৰ পৰা তেওঁ ভাৰতলৈ উভতি আহিছিল, তাত মাংকিপক্সৰ ভাইৰাছ যথেষ্ট পৰিমাণে বিয়পি পৰিছিল। এনে পৰিস্থিতিত বিদেশৰ পৰা উভতি অহা যুৱকজনক তেওঁৰ শৰীৰত মাংকিপক্সৰ বীজাণু আছে নে নাই পৰীক্ষাৰ বাবে নমুনা পঠিয়াই আছুতীয়াকৈ ৰখা হৈছিল।

Apply Now

লগতে পঢ়কঃ বিশাল জোৰ সমদল, মণিপুৰী মহিলাৰ ৰাজপথ দখল; বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদত উত্তাল ৰাজ্য

সোমবাৰে এই প্ৰতিবেদন ওলোৱাৰ লগে লগে গম পোৱা গ’ল যে যুৱকজন মাংকিপক্সত আক্ৰান্ত। কেন্দ্ৰই জানিবলৈ দিয়া মতে যুৱকজনৰ পৰিচয় গোপনে ৰখাৰ উপৰিও তেওঁক নিৰীক্ষণত ৰখা হৈছে। কিন্তু যুৱকজনৰ শৰীৰত বিপদজনক সংক্ৰামক ‘ষ্ট্ৰেইন’ নাই। বৰ্তমান ৰোগীজনৰ শাৰীৰিক অৱস্থা সুস্থিৰ।

ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে সমগ্ৰ বিশ্বতে মাংকিপক্সৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে বহু লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এনে পৰিস্থিতিত সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নতুন নিৰ্দেশনা জাৰি কৰে। কোৱা হৈছে যে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ নিৰীক্ষণৰ ওপৰত গুৰুত্ব দিব লাগে। লগতে অধিক পৰীক্ষা কৰিব লাগে।

অৱশ্যে মাংকিপক্সক ভাৰতৰ বাবে ভাবুকি হিচাপে চাবলৈ বৰ্তমান সাজু নহয় চৰকাৰ। তথাপি সতৰ্কতাৰে কোনো ধৰণৰ সুৰুঙা ৰাখিবলৈ ইচ্ছুক নহয় কেন্দ্ৰ। বাহিৰৰ পৰা অহা কোনো লোকক সংক্ৰমণৰ লক্ষণ দেখা দিলে আছুতীয়াকৈ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। এগৰাকী কেন্দ্ৰীয় বিষয়াই কয় যে বাহিৰৰ পৰা অহাসকলক আইছলেশ্যনত ৰখাৰ ব্যৱস্থা কৰিবলৈ দেশ সম্পূৰ্ণ প্ৰস্তুত।

মন কৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থাই যোৱা মাহত মাংকিপক্সৰ বাবে বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ২০২২ চনতো এবাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। সেইবাৰ ভাৰতত ৩০ জন লোক আক্ৰান্ত হোৱা দেখা গৈছিল। দেশত চলিত বৰ্ষৰ মাৰ্চ মাহতো মাংকিপক্সৰ সংক্ৰমণৰ তথ্য পোৱা গৈছিল। মুঠতে ভাৰত চৰকাৰ যথেষ্ট সতৰ্ক।

লগতে পঢ়কঃ বিনিয়োগ কেলেংকাৰি: `বহুতকে নচুৱাই’ অন্তৰ্ধান হোৱা নৃত্য পৰিচালিকা চুমি বৰাক ‘মষ্ট ৱাণ্টেড’ ঘোষণা

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০২২ চনৰ পৰা ১১৬খন দেশত ৯৯ হাজাৰ ১৭৬ জন লোক মাংকিপক্সত আক্ৰান্ত হৈছে। ইয়াৰে ২০৮ জনৰ মৃত্যু হয়। যোৱা বছৰ পৰিস্থিতিয়ে বেয়াৰ ফালে ঢাল খাইছিল। এই বছৰ ইয়াৰ অৱস্থা আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd