দ্বিতীয়খন মেচতেই ৰাজকীয় প্ৰত্যাৱৰ্তন টিম ইণ্ডিয়াৰ; জিম্বাবুৱেই দেখিলে চকুৰে সৰিয়হ ফুল

প্ৰথমখন খেলৰ বিপৰ্যয় পাহৰি জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন মেচত ৰাজকীয় প্ৰত্যাৱৰ্তন কৰে টিম ইণ্ডিয়াই। ভাৰতীয় দলটোৱে হাৰাৰেত জিম্বাবুৱেক ১০০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে। মেন ইন ব্লুৰ হৈ যুৱ অ’পেনাৰ অভিষেক শৰ্মাই দুৰ্দান্ত শতক অৰ্জন কৰে। বলিঙেৰে চমক দিলে আৱেশ খান, মুকেশ কুমাৰ বাহিনীয়ে।

দেওবাৰে হাৰাৰেত প্ৰথমে বেটিং কৰিবলৈ নামি অভিষেক শৰ্মাই এক চমকপ্ৰদ শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ৪৬টা বলত ১০০ ৰান সংগ্ৰহ কৰে। যুৱ অ’পেনাৰগৰাকীৰ ৭টা বাউণ্ডেৰী আৰু ৮টা অভাৰ বাউণ্ডেৰীৰে সজোৱা ইনিংছটো স্মৰণীয় হৈ থাকিব।

অভিষেক শৰ্মাৰ দুৰ্দান্ত শতক। ফটো সৌজন্যঃ বিচিচিআই।

অভিষেকৰ দুৰ্দান্ত শতক, ৰুতুৰাজ গাইকোৱাডৰ অৰ্ধশতক আৰু শেষত ৰিংকু সিঙৰ বিস্ফোৰক ইনিংছৰ বাবেই দ্বিতীয়খন মেচত ভাৰতে ২৩৪ ৰান সংগ্ৰহ কৰে। গাইকোৱাডে ৪৭টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। শেষত ৰিংকু সিঙে ধুমুহাৰ সৃষ্টি কৰিলে। ৰিংকুৱে মাত্ৰ ২২টা বলত ৪৮ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত জিম্বাবুৱেৰ ইনিংছ মাত্ৰ ১৩৪ ৰানতে সমাপ্ত হয়। জিম্বাবুৱেৰ হৈ মাধেভেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে। শেষত লুক জংগে ৩৩ ৰানৰ দ্ৰুত গতিত ইনিংছ এটা খেলি নিজৰ দলটোক কিছু সন্মানজনক স্থানলৈ লৈ যায়। জিম্বাবুৱেৰ ইনিংছ ১৩৪ ৰানত সমাপ্ত হয়। আৱেশ খান আৰু মুকেশ কুমাৰে ৩টাকৈ উইকেট দখল কৰে। ৰবি বিষ্ণোই লাভ কৰে ২টা উইকেট।

আক্ৰমণাত্মক ৰুতুৰাজ গাইকোৱাড। ফটো সৌজন্যঃ বিচিচিআই।

ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে টি-২০ৰ পৰা অৱসৰ লৈ পৰৱৰ্তী প্ৰজন্মৰ বাবে বাট মুকলি কৰিছে। পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে দলটো গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। সমগ্ৰ যুৱ ব্ৰিগেডক জিম্বাবুৱে ভ্ৰমণ কৰিবলৈ প্ৰেৰণ কৰা হৈছে। প্ৰথমখন মেচত হতাশাৰ সন্মুখীন হ’লেও ভাৰতৰ যুৱ ব্ৰিগেডে দ্বিতীয়খন মেচতেই দেখুৱালে যে ভৱিষ্যতে কঠিন প্ৰত্যাহ্বানৰ বাবে তেওঁলোক সাজু হৈছে।

নিজস্ব ভংগীৰে অনবদ্য ইনিংছ ৰিংকু সিঙৰ। ফটো সৌজন্যঃ বিচিচিআই।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২৩৪-২ (অভিষেক শৰ্মা ১০০, ৰুতুৰাজ গাইকোৱাড ৭৭)

জিম্বাবুৱেঃ ১৩৪-১০ (মাধাভেৰে ৪৩, জংগে ৩৩)

ভাৰতে ১০০ ৰানত জয়লাভ কৰে।