বিফল মোদীৰ স্বচ্ছ ভাৰত! প্লাষ্টিক আৱৰ্জনা উৎপন্ন কৰাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষ স্থানত আছে ভাৰত

প্লাষ্টিক আৱৰ্জনাই ছানি ধৰিছে সমগ্ৰ পৃথিৱী। প্লাষ্টিক আৱৰ্জনাৰ ফলৰ হোৱা প্ৰদূষণে গোটেই বিশ্বতে ধাৰণ কৰিছে ভয়ানক ৰূপ।

এই প্লাষ্টিক প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে বিশ্বৰ বিভিন্ন সংগঠনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও প্ৰকৃতাৰ্থত সফলতা অৰ্জন কৰিব পৰা নাই।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী গৱেষণা (UNEP)ৰ মতে, যদি এনেদৰেই প্ৰদূষণ চলি থাকে তেন্তে ২০৫০ চনৰ ভিতৰত সাগৰত মাছৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পাব।

উল্লেখ্য যে কেৱল আমেৰিকাতেই প্ৰতি বছৰে এজন ব্যক্তিয়ে গড়ে ২২১ কিলোগ্ৰাম প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন কৰে। বিশ্বৰ ভিতৰতে সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে আমেৰিকাই।

আমেৰিকাঃ বিগত চাৰিটা দশকত আমেৰিকাত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। আমেৰিকাত প্ৰতি বছৰে ৪ কোটি ২০ লাখ মেট্ৰিক টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন হয়। ইয়াৰ বিপৰীতে আমেৰিকাত প্লাষ্টিকৰ আৱৰ্জনা পুনঃব্যৱহাৰ কমিছে। ২০২১ চনৰ পৰিসংখ্যা অনুসৰি মাত্ৰ ৫-৬ শতাংশ প্লাষ্টিকহে পুনঃব্যৱহাৰ কৰা হয়। পৌৰসভাৰ প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ কমেও ৮৫ শতাংশ স্থলভাগত পেলোৱা হয়। আমেৰিকাৰ আন্তঃগাঁথনিয়ে প্লাষ্টিক উৎপাদনৰ ব্যাপক বৃদ্ধিৰ লগত খাপ খুৱাব পৰা নাই।

ভাৰতঃ বিশ্বৰ ভিতৰতে প্লাষ্টিক আৱৰ্জনা উৎপাদনকাৰী দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। এই ক্ষেত্ৰত আমেৰিকাৰ পিছতেই ভাৰতৰ স্থান। ভাৰতত বছৰি প্ৰায় ৯.৪৬ মিলিয়ন টন প্লাষ্টিক আৱৰ্জনা উৎপাদন হয়।

চীনঃ চীনে বছৰি প্ৰায় ৬ কোটি টন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে। ইয়াৰে ১ কোটি ৬০ লাখ টন পুনঃব্যৱহাৰ কৰা হয়। বৰ্তমান চীনে প্লাষ্টিক আৱৰ্জনা প্ৰদূষণৰ বিৰুদ্ধে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ লগতে বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ব্ৰাজিলঃ বিশ্বৰ চতুৰ্থ বৃহত্তম প্লাষ্টিক আৱৰ্জনা উৎপাদনকাৰী দেশ। ব্ৰাজিলে বছৰি প্ৰায় ১ কোটি ১৩ লাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে, ইয়াৰে মাত্ৰ ১.২৮ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়।

জাপানঃ জাপানে বছৰি প্ৰায় ৯০ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰে, ইয়াৰে ৪০ শতাংশতকৈ অধিক ডিচপ’জেবল প্লাষ্টিক। বিশ্বজুৰি প্লাষ্টিক পেকেজিঙৰ অন্যতম বৃহৎ গ্ৰাহক হোৱাৰ পিছতো এই আৱৰ্জনাসমূহৰ বহুখিনি সাগৰত বিসৰ্জন দিয়া হয়। জাপানত আৱৰ্জনা পুনঃব্যৱহাৰৰ হাৰ ১৯.৯ শতাংশ।

ইণ্ডোনেছিয়াঃ ইণ্ডোনেছিয়াত বছৰি প্ৰায় ৭৮ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়, ইয়াৰে ৪৯ লাখ টনৰ পুনৰ ব্যৱহাৰ হয়।  ইণ্ডোনেছিয়া চৰকাৰে প্লাষ্টিকৰ আৱৰ্জনা ৰোধৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰিছে। সাগৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ পদক্ষেপ লৈছে চৰকাৰে। লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত সাগৰীয় প্লাষ্টিকৰ আৱৰ্জনা ৭০ শতাংশ হ্ৰাস কৰা।

ৰাছিয়াঃ ৰাছিয়াত প্লাষ্টিক আৱৰ্জনা উৎপাদন বৃদ্ধি পাইছে। বৰ্তমান এই দেশত ৮৪.৭ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপাদন হয়।

জাৰ্মানীঃ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গণ্য হোৱাৰ পিছতো জাৰ্মানী ইউৰোপৰ পেকেজিং আৱৰ্জনা বিশেষকৈ প্লাষ্টিকৰ অন্যতম বৃহৎ উৎপাদনকাৰী দেশ। দেশত প্ৰতি বছৰে প্ৰায় ৬৫ ​​লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন হয়, ইয়াৰে মাত্ৰ ৩৮ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়।

মেক্সিকোঃ মেক্সিকোত প্ৰতি বছৰে ৫৯ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়, ইয়াৰে ১৫ শতাংশ পুনঃব্যৱহাৰ কৰা হয়।