• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি মিনিটত ১২৪ কিলোমিটাৰ বেগেৰে পাকিস্তানৰ চহৰত আঘাত হানিলে ভাৰতৰ মিছাইলে

স্পষ্টীকৰণ দি ভাৰত চৰকাৰে কি ক'লে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 11, 2022 8:38 pm
ফাইল ফটো

ফাইল ফটো

366
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ছবিয়ে মানুহক ভীতিগ্ৰস্ত কৰি ৰখাৰ মাজতে ভাৰতে মাৰি পঠিওৱা এটা ছুপাৰ চনিক মিছাইলে পাকিস্তানৰ চহৰত আঘাত হনাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনাটো ঘটিছে ৯ মাৰ্চৰ সন্ধিয়া। ৯ মাৰ্চৰ সন্ধিয়া ৬:৪৩ বজাত ভাৰতৰ ‘চুৰাটগড়’ৰ পৰা মাৰি পঠিওৱা হৈছিল এটা মিছাইল। মিছাইলটোৱে পোনে পোনে গৈ পাকিস্তানৰ মিয়ান চুন্নু চহৰত আঘাত হানে। এই ঘটনাৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা দপ্তৰে আজি ঘটনাটো সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত ভাৰতে ঘটনাটোক “দুখজনক” বুলিও অভিহিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে “কাৰিকৰী বিজুতি”ৰ বাবে এই ঘটনা সংঘটিত হৈছে। ২০২২ চনৰ ৯ মাৰ্চৰ দিনা নিয়মীয়া অনুশীলনৰ সময়ত কাৰিকৰী বিজুতিৰ ফলত দুৰ্ঘটনাক্ৰমে পাকিস্তানলৈ ভাৰতে মিছাইল নিক্ষেপ কৰে।

মিছাইল নিক্ষেপৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলিও ভাৰতে আজি প্ৰকাশ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে মিছাইলৰ আঘাতত কোনো ধন-জনৰ হানি হোৱাৰ তথ্য পোৱা হোৱা নাই।

এই ঘটনাৰ পিছতে ইছলামাবাদত থকা ভাৰতৰ উচ্চ পদস্থ বিষয়াক পাক চৰকাৰে মাতি পঠিয়াইছে।

ভাৰতে পাকিস্তানৰ আকাশসীমা উলংঘন কৰি ‘চুপাৰ-চনিক ফ্লাইং অবজেক্ট’ মাৰি পঠিয়াইছে বুলি পাকিস্তানে অভিযোগ কৰে। ইছলামাবাদে এই ঘটনাৰ এক তদন্তও বিচাৰিছে।

উল্লেখ্য ভাৰতে মাৰি পঠিওৱা মিছাইলটোৱে সন্ধিয়া ৬:৫০ বজাত মিয়ান চুন্নু চহৰৰ ওচৰত আঘাত হানিছিল।

পাকিস্তান সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল বাবৰ ইফতিখাৰে প্ৰকাশ কৰা মতে ভাৰতৰ মিছাইলটোৱে তিনি মিনিট ৪৪ ছেকেণ্ডৰ ভিতৰত পাকিস্তানৰ অঞ্চলটোত আঘাত হানিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd