বজাৰৰ ক্ৰমহ্ৰাসমান চাহিদাৰ প্ৰভাৱ এতিয়া স্পষ্টভাৱে পৰিলক্ষিত হৈছে ভাৰতৰ সামগ্ৰিক অৰ্থনীতিত। চলিত বিত্তীয় বৰ্ষৰ বিগত তিনি মাহত দেশৰ চলিত হিচাপৰ ঘাটি পূৰ্বৰ ৩.৪ বিলিয়নৰ পৰা ৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাই নহয়, সামগ্ৰী উৎপাদন খণ্ডৰ বিকাশো একেৰাহে তৃতীয় মাহৰ বাবে নিম্নগামী হৈ বিগত আধা দশকত সৰ্বনিম্ন স্তৰত উপনীত হৈছেহি।
অৱশ্যে, চলিত সপ্তাহৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত তিনিমাহত দেশৰ প্ৰকৃত জিডিপি ৭.৮ শতাংশ হাৰত বৃদ্ধি পাইছে। যোৱা বছৰৰ একে সময়ছোৱাত এই হাৰ আছিল ৬.৯ শতাংশ। চৰকাৰৰ মতে, ঘৰুৱা চাহিদা বৃদ্ধি আৰু সেৱা তথা উৎপাদন খণ্ডৰ উত্থানৰ বাবেই জিডিপিৰ এই বৃদ্ধি সম্ভৱ হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ ছেপ্টেম্বৰ মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল, মে’ জুন এই তিনিমাহচ চলিত হিচাপৰ ঘাটি দেশৰ জিডিপিৰ ০.৫ শতাংশ অৰ্থাৎ ৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। যোৱা বছৰ একে সময়ছোৱাত এই ঘাটি আছিল জিডিপিৰ ০.৪ শতাংশ (৩.৪ বিলিয়ন ডলাৰ)। এই ঘাটি বৃদ্ধিৰ মূল কাৰণ হৈছে সামগ্ৰীৰ বাণিজ্য ঘাটি, যি বিগত তিনি মাহত ৮৬.১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। যোৱা বছৰৰ একে সময়ছোৱাত ই আছিল ৬৮.৯ বিলিয়ন ডলাৰ।
আনহাতে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত নিকা সেৱা প্ৰাপ্তি ৩.৭ বিলিয়ন ডলাৰ বৃদ্ধিৰে ৫১.৬ বিলিয়ন ডলাৰ হৈছেগৈ। কম্পিউটাৰ সেৱা, ব্যৱসায়িক সেৱা আৰু পৰিবহণ সেৱাৰ ৰপ্তানি বৃদ্ধি পোৱাৰ ফলত এই উত্থান ঘটিছে বুলি আৰ বি আইয়ে প্ৰকাশ কৰিছে। বৈদেশিক প্ৰত্যক্ষ বিনিয়োগৰ ক্ষেত্ৰতো যোৱা ত্ৰৈমাসিকত ৬.১ বিলিয়ন ডলাৰলৈ নিম্নগামি হৈছে, যিটো যোৱা বছৰ ৫.২ বিলিয়ন ডলাৰ আছিল। ইয়াৰ বিপৰীতে, বৈদেশিক পৰ্টফলিঅ’ বিনিয়োগৰ ক্ষেত্ৰত এইবাৰ ৯.৬ বিলিয়ন ডলাৰৰ বিনিয়োগ ভাৰতৰ হাতৰ পৰা হেৰাইছে। যোৱা বছৰ এই শিতানত ১.৬ বিলিয়ন ডলাৰৰ বিনিয়োগ হৈছিল।
৫ বছৰৰ সৰ্বনিম্ন স্তৰত উৎপাদন খণ্ড –
এছ এণ্ড পি গ্ল’বেলৰ এইচএছবিচি ইণ্ডিয়া মেনুফেকচাৰিং পাৰ্চেজিং মেনেজাৰ্ছ ইনডেক্স অনুসৰি, আগষ্ট মাহত দেশৰ উৎপাদন খণ্ডৰ বিকাশ একেৰাহে তৃতীয়টো মাহৰ বাবে নিম্নগামী হৈছে। নতুন অৰ্ডাৰ আৰু উৎপাদনৰ হাৰ ৫ বছৰৰ সৰ্বনিম্ন স্তৰলৈ নামিছে।
জুলাই মাহৰ ৫৩.৫ ৰ পৰা আগষ্টত পি এম আই সূচকাংক ৫২.৮ লৈ হ্ৰাস পায়। জৰীপ অনুসৰি, বজাৰত সামগ্ৰীৰ চাহিদা হ্ৰাস পোৱাৰ ফলতেই কোম্পানীসমূহে ক্ৰয়ৰ পৰিমাণ কমাইছে আৰু বিগত আঢ়ৈ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিয়োগৰ হাৰো সামান্য পৰিমাণে হ্ৰাস পাইছে। অৱশ্যে, কেঁচামালৰ ব্যয় হ্ৰাস পোৱাৰ ফলত কোম্পানীসমূহে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে।





