• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতে কেতিয়াও নিজকে ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে ঘোষণা কৰা নাই: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:16 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিঙে স্পষ্ট কৰি দিছে যে ভাৰতৰ সাংবিধানিক পৰিচয়ে বহুত্ববাদক প্ৰতিফলিত কৰে আৰু দেশখনে কেতিয়াও নিজকে এখন ‘হিন্দু ৰাষ্ট্ৰ’ হিচাপে ঘোষণা কৰা নাই। শেহতীয়াকৈ নেচনেল ল’ ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ (NLIU) এছ বি এ (SBA) সন্মিলনত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু ইয়াৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ ওপৰত বিশেষ আলোকপাত কৰে। তেওঁ কয় যে ভাৰতৰ দৰে সকলো ধৰ্মক আঁকোৱালি লোৱা দেশ বিশ্বত অতি বিৰল আৰু ইয়াক কোনো এটা নিৰ্দিষ্ট ধৰ্মীয় কাঠামোৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰি।

সন্মিলনত ভাষণ প্ৰদান কৰি ন্যায়াধীশ সিঙে ‘হিন্দু’ শব্দটোৰ উৎপত্তি সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁৰ মতে, ‘হিন্দু’ শব্দটো প্ৰকৃততে বিদেশীসকলৰ দ্বাৰা সিন্ধু নদীৰ সিপাৰে বসবাস কৰা লোকসকলক বুজাবলৈহে ব্যৱহাৰ কৰা হৈছিল। তেওঁ কয় যে ভাৰতে কেতিয়াও নিজকে হিন্দু ৰাষ্ট্ৰ বুলি কোৱা নাই আৰু এই শব্দটোৱে আইনী বা সাংবিধানিকভাৱে কোনো বিশেষ ধৰ্মীয় পৰিচয় বহন নকৰে। তেওঁ ভাৰতীয় সংবিধানক কেৱল এখন আইনী নথিয়েই নহয়, বৰঞ্চ এখন ঐতিহাসিক আৰু সামাজিক নথি হিচাপে অভিহিত কৰে, যিয়ে স্বাধীনতাৰ সময়ৰ আদৰ্শসমূহক ধৰি ৰাখিছে আৰু ভৱিষ্যতৰ পথ প্ৰদৰ্শন কৰি আহিছে।ব্ৰিটিছ ঔপনিৱেশিক আইনী ব্যৱস্থাৰ সমালোচনা কৰি ন্যায়াধীশ সিঙে প্ৰাক-ঔপনিৱেশিক যুগৰ ন্যায় প্ৰদান ব্যৱস্থাৰো প্ৰশংসা কৰে।

Apply Now

তেওঁ লগতে উল্লেখ কৰে যে প্ৰাচীন ভাৰতীয় ন্যায় ব্যৱস্থা সম্প্ৰদায়ভিত্তিক আৰু ‘ধৰ্ম’ৰ ওপৰত আধাৰিত আছিল, যিয়ে মূলতঃ সমাজত সম্প্ৰীতি আৰু সমন্বয় স্থাপনত গুৰুত্ব দিছিল। স্বাধীনতাৰ ইমান বছৰৰ পিছতো বৰ্তমানৰ ভাৰতীয় আইনী ব্যৱস্থাই ভিক্টোৰীয় যুগৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব নোৱাৰাটো উদ্বেগজনক বুলি তেওঁ মত প্ৰকাশ কৰে। সেয়েহে, তেওঁ আধুনিক আইনী শিক্ষা ব্যৱস্থাত ভাৰতীয় দৰ্শন আৰু পৰম্পৰাক অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ভাৰতীয় আইনী ব্যৱস্থাই আত্মিকভাৱে ভাৰতীয়, দৃষ্টিভংগীত আধুনিক আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত সৰ্বজনীন ৰূপ লাভ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd