• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

পাকিস্তানক ১৯ ৰাণত হৰুৱাই এছিয়ান গেমছৰ ক্ৰিকেটত ক্ৰমাগতভাৱে দ্বিতীয়বাৰলৈ স্বৰ্ণ পদক দখল কৰিলে ভাৰতীয় পুৰুষ দলে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 3:03 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ১৯ ৰাণত ধৰাশায়ী কৰি এছিয়ান গেমছ ২০২৬ ৰ ক্ৰিকেটত পুনৰ স্বৰ্ণ পদক দখল কৰিলে ভাৰতীয় পুৰুষ দলে। শনিবাৰে জাপানৰ নিশ্বিনস্থিত কোৰোগি স্প’ৰ্টছ পাৰ্কত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলখনত টছত জয়লাভ কৰি প্ৰথমে বেট ধৰা অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত ২১১ ৰাণ সংগ্ৰহ কৰি পাকিস্তানৰ সন্মুখত ২১২ ৰাণৰ এক বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে। এই বৃহৎ লক্ষ্যৰ সমুখত পাকিস্তানে হাৰ মনাৰ লগে লগে ভাৰতে বিজয় সাব্যস্ত কৰি প্ৰতিযোগিতাখনত নিজৰ খিতাপ অটুট ৰাখে।

 

Apply Now

প্ৰথম অৱস্থাতে বৈভৱ সূৰ্যৱংশী আৰু সঞ্জু চেমছনক হেৰুৱাই ভাৰতীয় দলে পাৱাৰপ্লে’ত সামান্য উজুটি খাইছিল। কিন্তু ক্ৰীজত খোপনি পুতি অ’পেনাৰ অভিষেক শৰ্মাই মাত্ৰ ২৮ টা বলত ৩ টা চাৰি আৰু ৭ টা বিশাল ছিক্সাৰেৰে ৬১ ৰাণৰ এক দ্ৰুত ইনিংছ উপহাৰ দি দলক সুৰক্ষিত স্থানলৈ লৈ যায়। অভিষেকৰ বিদায়ৰ পাছত ঈশান কিষাণ আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰ মাত্ৰ ছটা বলৰ ব্যৱধানত আউট হোৱাত ভাৰতৰ মধ্যক্ৰম পুনৰ চাপৰ সন্মুখীন হয়। এনে পৰিস্থিতিত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হয় উপ-অধিনায়ক তিলক বাৰ্মা। বাৰ্মাই ধুমুহাৰ গতিৰে মাত্ৰ ২১ টা বলত ৩ টা চাৰি আৰু ৪ টা ছিক্সাৰৰ সহায়ত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰি দলক এক বিশাল স্ক’ৰৰ দিশে অগ্ৰসৰ কৰায়। পূৰ্বৰ মেচখনত শ্ৰীলংকাক ১২৪ ৰাণৰ ব্যৱধানত হৰুৱাওঁতে ভাৰতে যিদৰে দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰিছিল, ফাইনেলতো একেই আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হয় ভাৰতীয় বেটাৰসকল।

 

২১২ ৰাণৰ লক্ষ্য আগত লৈ বেটিঙলৈ নমা পাকিস্তান দলে পাৱাৰপ্লে’ত এক মন্থৰ আৰম্ভণি কৰে। পিছে মধ্যক্ৰমত ক্ৰীজলৈ আহি হাছান নৱাজে দ্ৰুতবেগী অৰ্ধশতক অৰ্জন কৰি পাকিস্তানক জয়ৰ দিশে অগ্ৰসৰ কৰাবলৈ চেষ্টা চলায়। ভাৰতীয় স্পীনাৰ ৰবি বিষ্ণৈৰ পৰা মাত্ৰ তিনিটা অভাৰত পাকিস্তানে ৪৪ ৰাণ সংগ্ৰহ কৰাত খেলখন ভাৰতৰ হাতৰ পৰা ওলাই যোৱা যেন অনুভৱ হৈছিল। কিন্তু ডেথ অভাৰত ভাৰতীয় পেচাৰৰ আক্ৰমণাত্মক প্ৰত্যাৱৰ্তনে খেলৰ সমগ্ৰ দৃশ্যপট সলনি কৰি পেলায়। বিশেষকৈ ১২ টা বলত ৪৪ ৰাণৰ দৰকাৰ হোৱা অৱস্থাত জশপ্ৰীত বুমৰাহে ১৯ তম অভাৰটোত এক চমকপ্ৰদ বলিং প্ৰদৰ্শন কৰি পাকিস্তানৰ জয়ৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ কৰি দিয়ে। ফলস্বৰূপে, অন্তিম অভাৰত ৩৩ ৰাণৰ লক্ষ্য সন্মুখত লৈ পাকিস্তানে ১৯ ৰাণত পৰাজয় স্বীকাৰ কৰে।

 

পুৰুষ ক্ৰিকেট দলৰ এই জয়ে এছিয়ান গেমছত ভাৰতক ক্ৰমাগতভাৱে দ্বিতীয়টো স্বৰ্ণ পদক উপহাৰ দিলে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলেও ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছৰ স্বৰ্ণ পদক সফলতাৰে ৰক্ষা কৰিছিল। টি-২০ ক্ৰিকেটৰ ইতিহাস চালে দেখা যায়, ২০২১ চনৰ পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এইটো ক্ৰমাগত সপ্তমটো জয় আৰু ২০০৭ চনৰ পৰা খেলা মুঠ ১৮ খন মেচৰ ভিতৰত ১৫ তম বিজয়। ক্ৰিকেটত লাভ কৰা এই সোণৰ পদকটোৰ সৈতে চলিত এছিয়ান গেমছত ভাৰতৰ মুঠ স্বৰ্ণ পদকৰ সংখ্যা ১৯ টালৈ উন্নীত হ’ল। ক্ৰিকেটৰ পথাৰত সাব্যস্ত কৰা এই বৃহৎ সাফল্যৰ পাছত সমগ্ৰ দেশৰ ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি এতিয়া এছিয়ান গেমছৰ বাকী থকা ক্ৰীড়াসমূহৰ ওপৰত নিবদ্ধ হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd