• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰতৰ ‘জল যুদ্ধ’ই বিপদ মাতিছে ২৪ কোটি পাকিস্তানীলৈ! ইছলামবাদে ৰাষ্ট্ৰসংঘত দাখিল কৰিলে অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2025 7:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


ভাৰতৰ দ্বাৰা সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তৰ ফলত ২৪ কোটি পাকিস্তানী নাগৰিক মানৱীয় বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে ইছলামবাদে। এই সন্দৰ্ভত পাকিস্তানে ৰাষ্ট্ৰসংঘত আনুষ্ঠানিক অভিযোগ দাখিল কৰি বিশ্ব ৰাষ্ট্ৰগোষ্ঠীক  আহ্বান জনাইছে যাতে এই বিষয়টো পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ বৈঠকত পাকিস্তানৰ প্ৰতিনিধি উছমান জাদুনে ভাৰতৰ সিদ্ধান্তক আন্তঃৰাষ্ট্ৰীয় আইনৰ সম্পূৰ্ণ উলংঘন বুলি আখ্যা দিয়ে। তেওঁ কয়, “সিন্ধু নদীৰ পানী পাকিস্তানৰ ২৪ কোটি নাগৰিকৰ জীৱনধাৰাৰ সৈতে জড়িত। ভাৰতে যদি এই পানীৰ প্ৰবাহ বন্ধ কৰে বা নদীৰ দিশ সলনি কৰে, তেন্তে পাকিস্তানত ভয়ংকৰ মানৱীয় দুৰ্যোগ ঘটিব।

Apply Now

উল্লেখযোগ্য যে, ১৯৬০ চনত সম্পাদিত সিন্ধু জল সন্ধিৰ অধীনত সিন্ধু নদী আৰু ইয়াৰ পাঁচখন উপনৈৰ পানীৰ অধিকাৰ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত কৰা হৈছিল। কিন্তু পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে এই সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লয়। পাকিস্তানে অভিযোগ কৰিছে যে এই সিদ্ধান্তৰ ফলত পানীৰ বণ্টন, মথাউৰি নিৰ্মাণ আদিত চুক্তিৰ চৰ্তসমূহ ভঙ হৈছে।

ভাৰতৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানী হৰিশে পাকিস্তানৰ অভিযোগ খণ্ডন কৰি কয়, পাকিস্তানৰ সন্ত্ৰাসবাদৰ ইতিহাস বাবে নতুন নহয়। বিগত চাৰিটা দশকত ২০ হাজাৰ ভাৰতীয় নাগৰিক এই সন্ত্ৰাসবাদৰ বলি হৈছে। পাকিস্তানে এই চুক্তিক সদিচ্ছাৰ ভিত্তিত মানি চলাৰ পৰিৱৰ্তে, সদায় বিশ্বাসঘাতকতা কৰিছে বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় যে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ লক্ষ্য কেবল সন্ত্ৰাসবাদী শিবিৰ আছিল। কোনো সাধাৰণ পাকিস্তানী নাগৰিকৰ ওপৰত আক্ৰমণ কৰা হোৱা নাই। কিন্তু পাকিস্তানে সীমান্তৱৰ্তী গাঁওসমূহত আক্ৰমণ চলাইছিল।

ইছলামবাদে শেহতীয়াকৈ ভাৰতলৈ এক পত্ৰ প্ৰেৰণ কৰি ভিক্ষাৰ সুৰত অনুৰোধ জনাইছে যাতে চুক্তিখন বাতিল কৰা নহয়। পাকিস্তানৰ সংবাদ মাধ্যম অনুসৰি, চুক্তি স্থগিত ৰখাৰ ফলত দেশত পানীৰ তীব্ৰ অভাৱ, ক্ৰমান্বয়ে বৃদ্ধি হোৱা বানপানী আৰু খাদ্য সংকটৰ সৃষ্টি হৈছে। বহু অঞ্চলত অনাহাৰে মৃত্যু হোৱাৰ অৱস্থা হৈছে।

অৱশ্যে ভাৰতীয় বিদেশ মন্ত্ৰী এছ. জয়শংকৰে ইতিমধ্যেই স্পষ্টকৈ কৈছে যে, “সিন্ধু জল সন্ধি স্থগিত থাকিব। পাকিস্তানে সন্ত্ৰাসবাদৰ পথ ত্যাগ নকৰালৈকে এই সন্ধি পুনৰ বাহাল কৰা  নহ’ব।”

এই মুহূর্তত আন্তর্জাতিক মহলৰ দৃষ্টি ভাৰত-পাকিস্তান জল সম্পদ বিতৰ্কলৈ কেন্দ্ৰিত হৈছে আৰু আগন্তুক দিনত এই বিষয়টোৱে আৰু ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত গভীৰ ৰেখাপাত কৰিব বুলি অনুমান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd