পাকিস্তানতকৈ ভাৰতত বেছি আছে পাৰমাণৱিক বোমা; ছুইডেনৰ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে তথ্য

স্বাধীনতাৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা দুয়োখন দেশৰ সম্পৰ্কত তিক্ততা আনি আহিছে। ইখনৰ পাছত সিখন যুদ্ধ, পাৰস্পৰিক শত্ৰুতা বজাই ৰখাৰ আঁৰত দুয়োখন দেশৰ ৰাজনৈতিক এজেণ্ডা অন্তৰ্নিহিত হৈ আছে। আনকি পাৰমাণৱিক বোমাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত প্ৰতিযোগিতা চলি আছে । শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি পাকিস্তানতকৈ ভাৰতৰ হাতত অধিক পাৰমাণৱিক অস্ত্ৰ আছে। যদিও আন এখন চুবুৰীয়া দেশ চীনৰ তুলনাত ইয়াক কম ক’ব পাৰি।

এই সমীক্ষা অনুসৰি যোৱা এবছৰত চীনে কমেও ৯০টা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিছে। ২০২৩ চনৰ জানুৱাৰী মাহত চীনৰ হাতত আছিল ৪১০ টা পাৰমাণৱিক অস্ত্ৰ। চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫০০ লৈ বৃদ্ধি পাইছে। ছুইডেনৰ থিংক টেংক ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে সোমবাৰে প্ৰকাশ কৰে এই প্ৰতিবেদন।

চিআইপিআৰৰ অধ্যয়ন অনুসৰি চীনৰ কমিউনিষ্ট চৰকাৰে জানুৱাৰী মাহলৈকে তথ্য লাভ কৰাৰ পাছতো পাৰমাণৱিক অস্ত্ৰৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছিল। কেৱল চীনে নহয়, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ভাৰত আৰু পাকিস্তানৰ দৰে ৯ খন পাৰমাণৱিক শক্তিৰ দেশে নিৰন্তৰভাৱে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। একে সময়তে স্থল, নৌ আৰু বায়ুসেনাৰ বাবে পাৰমাণৱিক অস্ত্ৰ লঞ্চাৰৰ ওপৰতো গৱেষণা চলি আছে।

বেলিষ্টিক মিছাইলত উৎক্ষেপণৰ বাবে প্ৰায় ২১০০টা পাৰমাণৱিক ৱাৰহেড প্ৰস্তুত কৰা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰে বেছিভাগেই ৰাছিয়া আৰু আমেৰিকাৰ। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে দেখা গৈছে যে চীনে এনে কেইবাটাও পাৰমাণৱিক বোমা উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰিছে।

পূৰ্বে উল্লেখ কৰা ৬খন দেশৰ উপৰিও ব্ৰিটেইন, ইজৰাইল, উত্তৰ কোৰিয়াৰ লগতে প্ৰায় ৯খন দেশৰ সৈতে চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে ১২,১২১টা পাৰমাণৱিক বোমা আছে। ইয়াৰে ৯৫৮৫ টা ইতিমধ্যে প্ৰয়োজনৰ সময়ত ব্যৱহাৰৰ বাবে সেনাৰ জিম্মাত আছে। আনুমানিক ৩,৯০৪টা পাৰমাণৱিক অস্ত্ৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে মিছাইল আৰু যুদ্ধবিমানত স্থাপন কৰা হয়। যিটো ২০২৩ চনৰ জানুৱাৰী মাহৰ সংখ্যাতকৈ ৬০ টা বেছি। বাকীবোৰ নিজ নিজ দেশৰ অস্ত্ৰভাণ্ডাৰত আছে।

চিআইপিআৰৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ৯০ শতাংশ পাৰমাণৱিক অস্ত্ৰ ৰাছিয়া আৰু আমেৰিকাৰ হাতত। প্ৰতিবেদন অনুসৰি ভাৰতত ১৭২ টা পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে (২০২৪ চনৰ জানুৱাৰী) আৰু পাকিস্তানত আছে ১৭০ টা। চিআইপিআৰে কয় যে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ মূল লক্ষ্য পাকিস্তান হ’লেও বিগত এবছৰত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ উন্নত কৰিছে, যাৰ বাবে নতুন দিল্লীৰ হাতত এতিয়া চীনক আক্ৰমণ কৰিব পৰা প্ৰযুক্তি আছে। অৱশ্যে চীনৰ হাতত সম্ভৱতঃ আমেৰিকা আৰু ৰাছিয়াৰ দৰে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।