DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত পুনৰ বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা, মৃতকৰ সংখ্যাও বৃদ্ধি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 7, 2022 1:04 pm
দেশত কিমান শতাংশ কোভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে? ৰাজ্য সমূহলৈ কেন্দ্ৰই দিলে কি সতৰ্কবাণী
163
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি কোভিডৰ চতুৰ্থ ঢৌ আহিব বুলি জনতাৰ মাজত শংকাৰ সৃষ্টি হৈ থকাৰ সময়তে দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা। একেদৰে বাঢ়িছে কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যাও।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘণ্টাত ১,০৩৩ গৰাকী লোক কোভিডত নতুনকৈ আক্ৰান্ত হৈছ। যোৱা ২৪ ঘণ্টাত ৪৩ গৰাকী লোকে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে।

ফলত মুঠ কোভিডত মৃত্যু ঘটা মুঠ লোকৰ সংখ্যা ৫,২১,৫৩০ লৈ বৃদ্ধি পাইছে।

দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে১১,৬৩৯ গৰাকী।

দেশত আজি ১,২২২ গৰাকী লোকে কোভিডৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

এতিয়ালৈকে কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ৪,২৪,৯৮,৭৮৯ জন হৈছে। দেশত আজিৰ দিনটোত কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.২১ শতাংশ ।

এতিয়ালৈকে দেশত কোভিড-১৯ টিকাকৰণ অভিযানৰ অধীনত প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা হৈছে ১৮৫.২০ কোটি ।

যোৱা ২৪ ঘণ্টাত প্ৰায়৪,৮২,০৩৯ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছে। উল্লেখ্য দেশত কালি কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি এক্স ই ধৰা পৰিছিল।কোভিডৰ চতুৰ্থ ঢৌৱে ভাৰতক কোবাই যাব বুলি বিজ্ঞানীসকলে কৈ অহাৰ সময়তে কোভিডৰ অতি মাৰাত্মক নতুন প্ৰজাতি এক্স ই আহি ভাৰত পালেহি।

মুম্বাইত এগৰাকী মহিলাৰ দেহত কোভিডৰ নতুন প্ৰজাতি এক্স ই ধৰা পৰিছে।

কোভিডৰ পৰীক্ষা কৰা ৩৭৬ টা নমুনাৰ ভিতৰত, এটা নমুনাত নতুন প্ৰজাতি এক্স ই ধৰা পৰিছে। পেছাত বস্ত্ৰ ডিজাইনাৰ মহিলাগৰাকীয়ে ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ আহিছিল।

অসুস্থ হৈ পৰা বাবে তেওঁৰ কোভিড পৰীক্ষা কৰা হৈছিল আৰু ২ মাৰ্চত মহিলাগৰাকী কোভিডত আক্ৰান্ত হোৱা জনা গৈছিল।

পিছত তেওঁৰ তেজৰ নমুনা কোভিডৰ নতুন প্ৰজাতিৰ উপস্থিতি নিৰ্ধাৰণ কৰিবলৈ কৰাত পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা যায়।

ডেল্টা, অমিক্ৰন আদি প্ৰজাতিৰ পিছত কোভিডৰ নতুন প্ৰজাতি এক্স ইৰ উপস্থিতি ধৰা পৰিছে।

অমিক্ৰনতকৈ ১০ গুণে বেছি সংক্ৰামক এক্স ই প্ৰজাতি বিধকলৈ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰতি খন দেশকে সতৰ্ক কৰি দিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন প্ৰজাতি এক্স ই অমিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.২-তকৈ কমেও দহ গুণ অধিক সংক্ৰামক। এতিয়ালৈকে, বি.এ.2ঢ প্ৰজাতিক কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে।

এই এক্স ই প্ৰজাতিটো প্ৰকৃততে কি? বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰন, বি.এ.১ আৰু বি.এ.২-ৰ সংমিশ্ৰণতে এক্স ই প্ৰজাতিটোৰ সৃষ্টি হৈছে।

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd