Covid-19 Update দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ ৩৭হাজাৰ অতিক্ৰম; অ’মিক্ৰণত আক্ৰান্ত প্ৰায় ১৯০০ লোক

Covid-vaccination-2-1

প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update নৱবৰ্ষৰ আৰম্ভণিতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে পুনৰ  ভয়ংকৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে। মাত্ৰ এসপ্তাহৰ ভিতৰতে ৭হাজাৰৰ পৰা ৩৭হাজাৰলৈ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ হাজাৰ ৩৭৯জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৩হাজাৰ ৭৫০জন লোক।

দেশত এই মুহূৰ্তত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ১৮৯২জন।ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত এই ভেৰিয়েন্টত আক্ৰান্ত হৈছে ১৯২জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ১২ জন লোকৰ মৃত্যু হৈছে। দেশত পজিটিভিটিৰ হাৰ হৈছেগৈ ৩.২৪ শতাংশ।

Also Read:  দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল কৰ’নাত আক্ৰান্ত; বৰ্তমান হোম আইছ’লেশ্যনত

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮হাজাৰ ১৭জন।  

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১হাজাৰ জন লোক।

দেশত এতিয়ালৈ কৰ’না পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৪ লাখ হাজাৰ ৪১৪জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৭১ হাজাৰ ৮৩০জন।

ইপিনে, সোমবাৰৰ পৰা ১৫বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুসকলক ভেকচিন দিয়া অভিযান আৰম্ভ কৰা হৈছে।

Also Read: ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ মুখ্যমন্ত্ৰীৰ বক্তব্য গৰিহণাযোগ্য: ডি ৱাই এফ আই

দেশত বৰ্তমান ১৪৬কোটি ৭০লাখ ১৮হাজাৰ ৪৬৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।  

ইপিনে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।