DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ মুখ্যমন্ত্ৰীৰ বক্তব্য গৰিহণাযোগ্য: ডি ৱাই এফ আই

সৰ্বদলীয় সিদ্ধান্ত থকাৰ পাছতো জনজাতিকৰণত বাধা ক'ত ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2022 7:36 am
index-1-750x375
1.3k
VIEWS
Share on FacebookShare on Twitter

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য আগবঢ়াইছে সেয়া অত্যন্ত আপত্তিকৰ আৰু গৰিহণাযোগ্য। ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া আৰু ন্যায়সংগত দাবী এটাক নস্যাৎ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই এনেদৰে  মিথ্যাচাৰৰ আশ্ৰয় লৈছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰীৰ এই মিথ্যাচাৰ আৰু আপত্তিজনক মন্তব্যৰ পৰা আঁ‌তৰি জনজাতিকৰণৰ বাবে দ্ৰুত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

ৰাজ্যৰ টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাই ৰাজনৈতিক দল সংগঠনসমূহে দীৰ্ঘ আন্দোলন সংগ্ৰাম চলাই আহিছে।

Also Read: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিবাদ আক্ৰাছুৰ

এই দাবীক সমৰ্থন জনাই বিধান সভাত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। বিজেপি দলেও এখোজ আগুৱাই গৈ চৰকাৰ গঠন হ’লে ছয় মাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল।

কিন্তু ইমানৰ পাছতো বিজেপি চৰকাৰে বিষয়টো সম্পৰ্কত দীৰ্ঘদিনে আভুৱাভাৰি ছয় জনগোষ্ঠীক বঞ্চনা আৰু প্ৰতাৰণা কৰাৰ লগতে গণতান্ত্ৰিক আন্দোলন এটাক ৰাজহুৱা অপমান কৰিছে।

অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে দীৰ্ঘদিনে সমিলমিলে বসবাস কৰি আহিছে। এনে অৱস্থাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিলেই অসমত ৰক্তাক্ত পৰিস্থিতি সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে যি মন্তব্য দিছে সেয়া বিশ্বাসযোগ্য নহয়।

Also Read:“কৃষি আইন সম্পৰ্কে আলোচনাৰ বাবে মিলিত হওঁতে অহংকাৰ প্ৰদৰ্শন কৰিছিল মোদীয়ে”- দাবী সত্যপাল মালিকৰ

বৰং মুখ্যমন্ত্ৰীৰ অতি স্পৰ্শকাতৰ এই বক্তব্যহে সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিব। সেয়ে ডি ৱাই এফ আইয়ে দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে স্পৰ্শকাতৰ বিষয়ত সংযতভাৱে মন্তব্য কৰক আৰু ছয় জনগোষ্ঠীৰ নায্য দাবী শীঘ্ৰে পূৰণ কৰক।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd