NORTHEAST NOW (Assamese)

India records first Monkeypox death: দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু! বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ

August 1, 2022 10:24 am · এন ই নাও নিউজ, গুৱাহাটী

India records first Monkeypox death মাঙ্কিপক্সৰ সংক্ৰমণ ইতিমধ্যে ভাৰতত বিয়পিছে। এইবাৰ কেৰালাৰ এজন যুৱক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। জানিব পৰা মতে বিদেশত থাকোতেই তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহিছিল। দেশত এইটো মাঙ্কিপক্সত প্ৰথম মৃত্যুৰ ঘটনা।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে জানিবলৈ দিয়ে যে ত্ৰিশূৰৰ এজন ২২ বছৰীয়া যুৱকৰ শনিবাৰে মৃত্যু হৈছে। তেওঁ ২২ জুলাইত সংযুক্ত আৰৱ আমিৰাতৰ পৰা উভতি আহিছিল। অসুস্থতাৰ বাবে তেওঁ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছিল। তাতেই শনিবাৰে তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক: Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু

ইতিমধ্যে কেৰালাৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজীলৈ যুৱকজনৰ নমুনা প্ৰেৰণ কৰা হৈছে যাতে তেওঁ মাঙ্কিপক্সৰ ফলত মৃত্যু হৈছে নে নাই সেয়া নিশ্চিত কৰিব পাৰে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, “যুৱকজনৰ শৰীৰত মাঙ্কিপক্সৰ কোনো লক্ষণ নাছিল। এনকেফেলাইটিছ আৰু ক্লান্তিৰ লক্ষণৰ সৈতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰিয়ালে শনিবাৰে চিকিৎসালয়ক জনাইছিল যে তেওঁৰ মাঙ্কিপক্সৰ ৰিপ’ৰ্ট পজিটিভ আহিছিল। এই ৰোগত মৃত্যুৰ হাৰ অত্যন্ত কম। তথাপি কেনেকৈ এই ৰোগত আক্ৰান্ত হৈ যুৱকজনৰ মৃত্যু হ’ল তাৰ তদন্ত কৰা হ’ব।”

বাতৰি অনুসৰি, ২২ জুলাইত ঘৰলৈ উভতি অহাৰ পিছত তেওঁ সুস্থ আছিল। তেওঁ চুবুৰীত ফুটবলো খেলিছিল। কিন্তু ২৬ জুলাইত তেওঁ জ্বৰত ভুগিবলৈ আৰম্ভ কৰে। তেতিয়াই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক আন এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়। তাত তেওঁক লাইপ ছাপোৰ্টত ৰখা হৈছিল। অৱশেষত মৃত্যুবৰণ কৰে।

লগতে পঢ়ক: ‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

মাঙ্কিপক্সত মৃত্যুবৰণ কৰা লোকৰ অন্তিম সৎকাৰৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া নিয়ম মানি পৰিয়ালে যুৱকজনৰ সৎকাৰ কৰে। তেওঁৰ সংস্পৰ্শলৈ অহাসকলৰ এখন তালিকাও প্ৰস্তুত কৰা বুলি কোৱা হৈছে।

উল্লেখ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে এই কেৰালাতে মাঙ্কিপক্স ধৰা পৰিছিল। এতিয়ালৈকে দেশত চাৰিজনৰ দেহত ধৰা পৰিছে এই ৰোগ। ইয়াৰে তিনিজন কেৰালাৰ। এইবাৰ এই মাৰাত্মক ৰোগত প্ৰাণ হেৰুৱালে এজনে।

Related News