Cooch Behar Tragedy কোচবিহাৰৰ জল্পেশ মন্দিৰত শিৱলংগত পানী ঢালিবলৈ যোৱা ভক্তৰ এখন গাড়ী বিদ্যুৎস্পৃষ্ট হৈ কমেও ১০ জন ভক্ত মৃত্যুমুখত পৰিছে। আন আহত ১৬ জনক জলপাইগুৰি ছুপাৰ স্পেচিয়েলিটি হাস্পাতলত ভৰ্তি কৰা হৈছে।
দুৰ্ঘটনাটো গাড়ীৰ জেনেৰেটৰৰ পৰা এটা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।
কোচবিহাৰৰ শীতলকুচিৰ পৰা ২৭ জনীয়া ভক্তৰ এটা দলে এখন পিক-আপ ভানত জলপাইগুৰিৰ জল্পেশৰ শিৱ মন্দিৰলৈ গৈ আছিল। ভক্তসকলৰ গাড়ীখনে চাংড়া বান্ধাৰ ধাৰলা নদীৰ দলং পাৰ হোৱাৰ পিছতে এই ঘটনাটো ঘটে।
লগতে পঢ়ক: ঝাৰখণ্ডৰ ধৃত কংগ্ৰেছ বিধায়কৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক: ক্ষুৰধাৰ সমালোচনা দেবব্ৰত শইকীয়াৰ
গাড়ীখনৰ চালকজনে কেইবাজনো ভক্ত অচেতন হৈ পৰা দেখি পিক-আপ ভানখন চাংড়া বান্ধা চিকিৎসালয়লৈ লৈ যায়। তাতেই ১০ জন লোকক চিকিৎসকে মৃত ঘোষণা কৰে।
আহত তীৰ্থযাত্ৰীসকলে দাবী কৰা মতে গাড়ীখনৰ জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলতে ঘটনাটো ঘটিছে।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে গাড়ীখনত থকা জেনেৰেটৰটোৰেই ডিজে বজোৱা হৈছিল। অনুমান কৰা হৈছে যে ঘটনাটো সেই জেনেৰেটৰটো কেনেবাকৈ শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবেই সংঘটিত হৈছে।
লগতে পঢ়ক: ‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ
ইতিমধ্যে গাড়ীখন জব্দ কৰা হৈছে যদিও চালকজন পলাতক। দুৰ্ঘটনাগ্ৰস্ত সকলো লোক শীতলকুচিৰ বাসিন্দা। তেওঁলোকৰ পৰিয়ালক খৱৰ দিয়া হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।