• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাঃ আজি ঘোষণা হ’ব পাৰে ভাৰতীয় দল

প্ৰত্যাৱৰ্তন ঘটিব পাৰে ৰোহিত-কোহলীৰ, বুমৰাহ-চিৰাজক জিৰণিৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 1:19 pm
India Squad For Afghanistan
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি কেপ টাউন টেষ্টত জয়েৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণ সামৰিলে ভাৰতীয় দলে। নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই শৃংখলা সমাপ্তিৰ সূত্ৰে ভাৰতীয় দল শীঘ্ৰে স্বদেশত উপস্থিত হ’ব। ইয়াৰ পিছতে অহা ১১ জানুৱাৰীৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এক টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

এই ঘৰুৱা শৃংখলাটোৰ বাবে আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে দল ঘোষণা কৰাৰ  সম্ভাৱনা আছে। এবছৰতকৈও অধিক সময় ধৰি টি-২০ ফৰ্মেটৰ পৰা আঁতৰি থকা দুই অভিজ্ঞ তাৰকা অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাত টি-২০লৈ প্ৰত্যাৱৰ্তন ঘটাব পাৰে বুলি চৰ্চা চলিছে।

Apply Now

সূত্ৰ অনুসৰি, আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এই দুই অভিজ্ঞ তাৰকাক দললৈ ঘূৰাই অনা হ’ব পাৰে।  দুয়া টি-২০ ফৰ্মেটত শেষবাৰৰ বাবে অংশ লৈছিল ২০২২ৰ টি-২০ বিশ্বকাপতে। তাৰ পিছত কেৱল টেষ্ট আৰু এদিনীয়া ফৰ্মেটতহে দেখা গৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক।

ইফালে সদ্য সমাপ্ত দক্ষিণ আফ্ৰিকা ভ্ৰমণত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা দুই পেচাৰ মহম্মদ চিৰাজ আৰু জছপ্ৰিত বুমৰাহক এই শৃংখলাত জিৰণি দিয়াৰ সম্ভাৱনা আছে। আনহাতে আঘাতৰ বাবে দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাদ পৰা আনগৰাকী অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ উপস্থিতিও সন্দেহৰ আৱৰ্তত।

তদুপৰি আঘাতৰ পৰা এইপৰ্যন্ত সুস্থ হৈ নুঠা হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱো এই শৃংখলাত উপলব্ধ নহ’ব। শেহতীয়া এদিনীয়া বিশ্বকাপত আঘাতৰ পিছত পাণ্ডিয়া দলৰ বাহিৰত থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল সূৰ্যকুমাৰ যাদৱ।

আফগানিস্তান শৃংখলাৰ বাবে দলৰ বাহিৰেও বিচিচিআইয়ে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথম দুখন টেষ্টৰ বাবেও দল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd