• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল: দললৈ ঘূৰিল বুমৰাহ, হৰ্ষল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2022 6:19 pm
India Squad For T20 World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আইচিচি টি-২০ বিশ্বকাপৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআই- এ। ঘোষিত দলটোত সদ্য সমাপ্ত এছিয়া কাপত ভাগ লোৱা দলটোৰে মাত্ৰ দুগৰাকী খেলুৱৈক বাদ দি দলৰ আন দুগৰাকী নিয়মীয়া খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে।

এছিয়া কাপৰ সময়ত ভৰিত আঘাত পোৱা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা টি-২০ বিশ্বকাপমুখী ভাৰতীয় দলটোৰ পৰা বাদ পৰিছে। জাদেজাৰ স্থানত দলত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী বাওঁহতীয়া স্পীন বলিং অলৰাউণ্ডাৰ অক্সৰ পেটেল।

Apply Now

আনহাতে আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন কৰা তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক এছিয়া কাপৰ বাবে দলত থকা ৰবি বিষ্ণৈ আৰু আভেশ খানৰ স্থানত অন্তৰ্ভুক্ত কৰা হৈছে। বুমৰাহ আৰু হৰ্ষলে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিজৰ ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হৈ সুস্থতাৰ প্ৰমাণ দিছিল।

উল্লেখ্য যে বিৰাট কোহলীৰ পিছত ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক হিচাপে নিৰ্বাচিত হোৱা ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে কোনো প্ৰধান আইচিচি টুৰ্ণামেণ্টত ভাৰতক নেতৃত্ব দিব। অপেনিং বেটাৰ কে এল ৰাহুলক ৰোহিতৰ সহযোগী অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।

দীৰ্ঘদিনীয়া বেটিং ব্যৰ্থতাৰ অৱসান ঘটাই এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনলৈ ঘূৰি অহা তাৰকা বেটাৰ বিৰাট কোহলীয়ে ভাৰতীয় মিডল অৰ্ডাৰ বেটিঙৰ গুৰুদায়িত্ব বহন কৰিব। কোহলীৰ লগত থাকিব আন এগৰাকী নিৰ্ভৰযোগ্য বেটাৰ সূৰ্যকুমাৰ যাদৱ। লগতে আছে উদীয়মান দীপক হুডা।

উইকেটৰক্ষক হিচাপে নিৰ্বাচিত কৰা হৈছে অভিজ্ঞ দীনেশ কাৰ্তিক আৰু ঋষভ পণ্টক। আনহাতে দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক একমাত্ৰ পেচ বলিং অলৰাউণ্ডাৰ হিচাপে দলত ৰখা হৈছে।

দলৰ স্পীন বিভাগত থাকিব অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল আৰু অক্সৰ পেটেল। আনহাতে দললৈ ঘূৰি অহা বুমৰাহ আৰু হৰ্ষলৰ লগত পেচ বলিং আক্ৰমণত থাকিব ভুৱনেশ্বৰ কুমাৰ আৰু অৰ্শদ্বীপ সিং।

আনহাতে নিৰ্বাচক সমিতিয়ে চাৰিগৰাকী ক্ৰিকেটাৰৰ নাম ষ্টেণ্ডবাই হিচাপে ঘোষণা কৰিছে। এই চাৰি তাৰকা হৈছে ক্ৰমে অভিজ্ঞ পেচাৰ মহম্মদ ছামী, অলৰাউণ্ডাৰ দীপক চাহাৰ, স্পিনাৰ ৰবি বিষ্ণৈ আৰু টপ অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ।

ইফালে অহা ২০ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া টি-২০ শৃংখলা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৮ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবেও দল ঘোষণা কৰিছে বিচিচিআই- এ।

শৃংখলা দুটাৰ বাবে দলত অৰ্শদ্বীপ সিঙক বাদ দি মহম্মদ ছামী আৰু দীপক চাহাৰক অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ বাদে ১৬ জনীয়া দলটোত বিশ্বকাপমুখী আটাইকেইগৰাকী খেলুৱৈকে স্থান দিয়া হৈছে।

আইচিচি টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহল, অক্সৰ পেটেল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদ্বীপ সিং।

ষ্টেণ্ডবাই খেলুৱৈ -মহম্মদ ছামী, শ্ৰেয়স আয়াৰ, ৰবি বিষ্ণৈ, দীপক চাহাৰ।

অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা টি-২০ৰ বাবে ঘোষিত দল: ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পণ্ট (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবিচন্দ্ৰন অশ্বিন, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, হৰ্ষল পেটেল, দীপক চাহাৰ, যশপ্ৰীত বুমৰাহ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd