ফোনত প’ৰ্ন চোৱাত এমেৰিকাক চেৰ পেলাই শীৰ্ষত ভাৰত, বাহিৰ আৰু তথ্য

275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

ভাৰতৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ৮৯ শতাংশই ২০১৯ বৰ্ষত তেওঁলোকৰ ম’বাইল ডিভাইচত প’ৰ্ন চাইছে।

স্মাৰ্টফোনত প’ৰ্ন চোৱাৰ ক্ষেত্ৰত ভাৰতে এমেৰিকাক (৮১ শতাংশ) চেৰ পেলাই গৈছে, প্ৰাপ্তবয়স্কৰ বিনোদন ছাইট Pornhubৰ তথ্যৰে বাতৰিত প্ৰকাশ।

ভাৰতৰ প’ৰ্ন দৰ্শকৰ এই সংখ্যা ২০১৭ চনতকৈ ৩ শতাংশ বেছি।

প’ৰ্ন চোৱাসকলৰ সংখ্যাৰ লগতে আৰু কিছু পৰিসংখ্যাও প্ৰকাশিত হৈছে।

বাতৰিটোৰমতে, সমগ্ৰ পৃথিৱীতে প’ৰ্ন চোৱাৰ ক্ষেত্ৰত স্মাৰ্টফোনে ডেস্কটপ আৰু লেপটপৰ স্থান দখল কৰিছে আৰু সেইবোৰ দ্বিতীয় পছন্দত পৰিণত হৈছে।

ছাইটটোৰ ম’বাইল ট্ৰেফিক ২০১৯ চনত পূৰ্বৰ বৰ্ষতকৈ ১০ শতাংশ বৃদ্ধি পাই ৭৭ শতাংশ হৈছে।

Pornhubৰ “বৰ্ষ মূল্যায়ন”মতে ২০১৩ চনত ছাইটটোৰ ম’বাইল ট্ৰেফিক আছিল কেৱল ৪০ শতাংশ।

তাৰোপৰি পৰিসংখ্যামতে, ২০১৯ চনত ম’বাইলত প’ৰ্ন চোৱাৰ ক্ষেত্ৰত iOSএ Android ব্যৱহাৰকাৰীক চেৰাই গৈছে।

সামগ্ৰিকভাৱে ২০১৯ বৰ্ষত iOSৰ ট্ৰেফিক ৫২.৮ শতাংশ হোৱাৰ বিপৰীতে Android ব্যৱহাৰকাৰী আছিল ৪৬.৬ শতাংশ।

ভাৰতত ৪৫০ মিলিয়নতকৈয়ো অধিক স্মাৰ্টফোন ব্যৱহাৰকাৰী থকাৰ লগতে ইয়াত ডেটাৰ দাম বিশ্বৰ ভিতৰতে আটাইতকৈ সস্তা।

শেহতীয়া আন এক তথ্যমতে, ভাৰতত প্ৰতিটো স্মাৰ্টফোনত মাহিলী গড়ে ৯.৮জিবিকৈ ডেটা ব্যৱহাৰ হয়।

এই সংখ্যাও পৃথিৱীৰ ভিতৰতে সৰ্বাধিক।