ইংলেণ্ড বনাম ভাৰত : টী-২০ ক্ৰিকেটত কে.এল. ৰাহুলৰ অনাকাংক্ষিত অভিলেখ

টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন কে এল ৰাহুল এক অনাকাংক্ষিত অভিলেখৰ গৰাকী হৈছে।

আজি ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি২০ শৃংখলাটোৰ তৃতীয়খন মেচত তেওঁ ০ ৰাণতে আউট হয়।

আহমেদাবাদৰ মটেৰাত অনুষ্ঠিত মেচখনৰ দ্বিতীয় অভাৰৰ তৃতীয়টো বলত অপেনিং বেটছমেনজনে ইংলেণ্ডৰ ফাষ্ট বলাৰ মাৰ্ক উডৰ বলত ক্লীন ব’ল্ড হয়।

উল্লেখযোগ্য যে আঠবাৰকৈ টি-২০ মেচত তেওঁ ক্ৰমাগতভাৱে দুখন মেচত ০ ৰাণতে আউট হৈছে।

এইক্ষেত্ৰত তেওঁ টীম ইণ্ডিয়াৰ আম্বাটী ৰায়ুডু, আশিষ নেহৰা আৰু ইউচুফ পাঠানৰ স’তে একেলগে উপৱিষ্ট হৈছে।

আটাইকেইজন তাৰকাই ভাৰতৰ টি-২০ ইতিহাসত পাঁচ বাৰকৈ ক্ৰমাগতভাৱে দুখনকৈ মেচত ০ ৰাণত পেভিলিয়নমুখী হোৱাৰ অনাকাংক্ষিত অভিলেখৰ গৰাকী হৈছে।

মেচখনত ৰাহুলে মেচখনত মাত্ৰ ৪টা বলৰ মুখামুখী হৈয়েই পেভিলিয়নমুখী হ’ব লগা হয়।

শৃংখলাটোৰ দ্বিতীয়খন মেচতো তেওঁ ০ ৰাণত আউট হৈছিল।

এয়া তেওঁৰ শেহতীয়া চাৰিটা ইনিংছত তৃতীয়টো ০ ৰাণ।

শৃংখলাটোৰ প্ৰথমখন মেচত তেওঁ মাত্ৰ ১ ৰাণতে পেভিলিয়নমুখী হৈছিল।

আনহাতে, মটেৰাত চলি থকা টি-২০ মেচখনত ইংলেণ্ডে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়।

ইতিমধ্যে টীম ইণ্ডিয়াই ৬ উইকেটত ১৫৬ ৰাণত ইনিংছ সমাপ্ত কৰিছে।

শৃংখলাটোৰ দ্বিতীয়খন টি-২০ মেচত ৰাজাঅভিষেক ঘটোৱা নতুন চাঞ্চল্য ঈষাণ কিষাণে আজি ৪ (৯) ৰাণতে আউট হয়।

অপেনাৰ ৰোহিত শৰ্মা (১৫), কে এল ৰাহুল (০) আৰু শ্ৰেয়স আয়াৰ (৯) ব্যৰ্থ হয়।

কিন্তু অধিনায়ক বিৰাট কোহলীৰ দুৰ্দান্ত ৭৭ (৪৬) ৰাণৰ সহায়ত টীম ইণ্ডিয়াই এটা সন্মানজনক স্থিতিত উপৱিষ্ট হয়

কোহলীক সমুচিত সহযোগিতা আগবঢ়ায় ঋষভ পণ্ট (২৫) আৰু হাৰ্ডিক পাণ্ডিয়াই (১৭)।

ইংলেণ্ডৰ হৈ মাৰ্ক উদে ৩টা আৰু ক্ৰিছ জৰ্ডানে ২টাকৈ উইকেট লাভ কৰে।