NORTHEAST NOW (Assamese)

২০২৭ চনত চীনক অতিক্ৰমী বিশ্বৰ জনবহুল দেশ হিচাপে পৰিগণিত হ’ব ভাৰত

June 19, 2019 10:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

ৰাষ্ট্ৰসংঘত প্ৰকাশ পোৱা এখন উদ্বেগজনক প্ৰতিবেদন অনুসৰি আঠ বছৰ পাছত অৰ্থাৎ ২০২৭ চনত ভাৰতবৰ্ষই চুবুৰীয়া দেশ চীনক অতিক্ৰম কৰি বিশ্বৰ ভিতৰত আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হ’ব।

অৰ্থনৈতিক বিকাশ অথবা জিডিপিৰ বিকাশত নহ’লেও ভাৰতে জনসংখ্যাৰ দিশত ২০২৭ চনত চীনক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ব।

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ জনসংখ্যা শাখাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০৫০ চনত সমগ্ৰ বিশ্বৰ জনসংখ্যা বৰ্তমানৰ জনসংখ্যাতকৈ ২০০ কোটি বৃদ্ধি হৈ প্ৰায় ৯৭০ কোটি হ’ব।

আনহাতে, ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনখনত চলিত শতিকাৰ শেষৰ ভাগত সমগ্ৰ বিশ্বৰ জনসংখ্যা ১১০০ কোটি হ’ব বুলি উল্লেখ কৰা হৈছে।

তদুপৰি, ২০৫০ চনলৈ বৃদ্ধি পাবলগীয়া ২০০ কোটি জনসংখ্যাৰ ভিতৰত ১০০ কোটি জনসংখ্যা বৃদ্ধি হ’ব কেবল ভাৰত, পাকিস্তান, নাইজেৰিয়া, কংগো, ইণ্ডোনেছিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইথিঅ’পিয়াৰ।

উল্লেখোযোগ্য যে, বৰ্তমান বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ চীনৰ পাছতে ভাৰতৰ স্থান কিন্তু চীনে বিগত সময়ছোৱাত কিছু পৰিমাণে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও ভাৰত এইক্ষেত্ৰত এতিয়াও পিছপৰি আছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, বিগত সময়ছোৱাত বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ পৰা আটাইতকৈ বেছিসংখ্যক অনুপ্ৰবেশকাৰী  অন্য দেশলৈ ঢাপলি মেলিছে।

Related News