• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰৰ নৃশংসতাই জোকাৰিছে দেশ, তথাপি নিৰ্বাক মোদী! তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2023 10:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ নৃশংস নাৰী উৎপীড়নৰ ঘটনাই জোকাৰণি তুলিছে দেশত। দুই কুকি মহিলাক পথত উলংগ কৰি একাংশ মেইটেই সম্প্ৰদায়ৰ লোকে সমদল কৰি যি অমানুষিক আৰু ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে, তাৰ প্ৰকাশিত ভিডিঅ’ই সমগ্ৰ দেশতে এতিয়া তোলপাৰ লগাইছে।

মানৱীয় প্ৰমূল্যৰ এই চূড়ান্ত অৱনতি তথা এনে ঘটনাই অধিক দৃষ্টিকটু ভাৱে প্ৰকাশ কৰা মণিপুৰৰ উদ্বেগজনক পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে দেশবাসী। এনে নৃশংস কাণ্ডই হতভম্ব কৰি তুলিছে প্ৰতিগৰাকী লোকক। কিন্তু ইয়াৰ পিছতো অদ্ভুত ধৰণে নিশ্চুপ হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Apply Now

নিৰ্বাচনী যুঁজৰ সময়ত মণিপুৰ ভ্ৰমণ কৰি উত্তৰ পূব ভাৰতক অষ্টলক্ষ্মী অভিধাৰে বিভূষিত কৰি মণিপুৰক এই অষ্টলক্ষ্মীৰ অন্যতম অংগ স্বীকৃতি দিয়া মোদীৰ এতিয়াৰ এই নিৰ্লিপ্ততাই ৰাজনৈতিক মহলত ক্ষোভৰ উদগীৰণ ঘটাইছে। এই মৌনতাৰ বাবে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মোদী।

মণিপুৰৰ এই উদ্বেগজনক পৰিস্থিতিক লৈ নিৰ্লিপ্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতা আৰু নিষ্ক্ৰিয়তাই মণিপুৰক অৰাজকতাৰ দিশে ঠেলি পঠাইছে বুলি অভিযোগ কৰি ভাৰতৰ ধাৰণাত আক্ৰমণ চলি থকাৰ সময়ত বিৰোধীৰ ঐক্যমঞ্চ INDIA মৌন হৈ নাথাকিব বুলি হুংকাৰ দিয়ে।

এক টুইটযোগে গান্ধীয়ে কয়, ‘প্ৰধানমন্ত্ৰীৰ মৌনতা আৰু নিষ্ক্ৰিয়তাই মণিপুৰক অৰাজকতাৰ মাজলৈ লৈ গৈছে। মণিপুৰত ভাৰতৰ ধাৰণাক আক্ৰমণ কৰি থকাৰ সময়ত ‘ইণ্ডিয়া’ মৌন হৈ নাথাকিব। আমি মণিপুৰৰ ৰাইজৰ সৈতে থিয় দিছো। শান্তিহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ।”

 

PM’s silence and inaction has led Manipur into anarchy.

INDIA will not stay silent while the idea of India is being attacked in Manipur.

We stand with the people of Manipur. Peace is the only way forward.

— Rahul Gandhi (@RahulGandhi) July 19, 2023

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাইও মণিপুৰৰ শেহতীয়া এই নাৰী উৎপীড়নৰ নৃশংস ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৃশ্যক হৃদয় বিদাৰক আখ্যা দিয়ে আৰু এই ভয়ানক কাণ্ডৰ বাবে কোনো পৰিমাণৰ নিন্দায়েই যথেষ্ট নহয় বুলি মন্তব্য কৰে।

সমাজত হিংসাৰ সৰ্বোচ্চ বোজা মহিলা আৰু শিশুসকলেই বহন কৰিব লগা হয় বুলি প্ৰিয়ংকা গান্ধীয়ে লগতে ক্ষোভ প্ৰকাশ ককে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কিয় চকু মুদি আছে বুলি প্ৰশ্ন কৰি এনে ছবি আৰু হিংসাত্মক ঘটনাই তেওঁলোকক আমনি নকৰেনে বুলিও প্ৰশ্ন তোলে গান্ধীয়ে।

मणिपुर से आ रही महिलाओं के खिलाफ यौन हिंसा की तस्वीरें दिल दहला देने वाली हैं। महिलाओं के साथ घटी इस भयावह हिंसा की घटना की जितनी निंदा की जाए कम है। समाज में हिंसा का सबसे ज्यादा दंश महिलाओं और बच्चों को झेलना पड़ता है।

हम सभी को मणिपुर में शांति के प्रयासों को आगे बढ़ाते हुए…

— Priyanka Gandhi Vadra (@priyankagandhi) July 19, 2023

উল্লেখ্য যে, মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে আজিৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। মণিপুৰক লৈ মোদীৰ ইমানদিনৰ মৌনতা সন্দৰ্ভত তীব্ৰ আক্ৰমণ চলাই অহা বিৰোধীয়ে আজি সংসদত মণিপুৰ সন্দৰ্ভত মোদীৰ পৰা এক বিবৃতি দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd