১০ ছেপ্তেম্বৰত ভাৰতীয় বায়ু সেনা বাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ’ব ৰাফেল যুদ্ধ বিমান; উপস্থিত থাকিব ফ্ৰান্সৰ মন্ত্ৰী

অহা ১০ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ভাৰতীয় বায়ু সেনা বাহিনীৰ অন্তৰ্ভুক্ত হ’ব ৰাফেল যুদ্ধ বিমান।

বিগত ২৯ জুলাইত ফ্ৰান্সৰ পৰা প্ৰথম পাঁচখন ৰাফেল যুদ্ধ বিমানে আহি ভাৰতৰ ভূমিত অৱতৰণ কৰিছিল।

ৰাফেল যুদ্ধ বিমানে হাৰিয়ানাৰ আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত বাহৰ পাতিব।

১০ ছেপ্তেম্বৰত ভাৰতীয় বায়ু সেনা বাহিনীত ৰাফেল যুদ্ধবিমান আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিবলগীয়া অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰি অনুষ্ঠানত ভাৰতীয় সামৰিক বাহিনীৰ শীৰ্ষস্থানীয় নেতৃত্বও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে মুঠ ৩৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

ভাৰত আৰু চীনৰ মাজত সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে ভাৰতীয় বায়ু সেনা বাহিনীত ৰাফেল যুদ্ধ বিমান অন্তৰ্ভুক্ত হোৱাটোৱে ভাৰতীয় বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধি কৰিব।