• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

ভাৰতৰ সামৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ একেটা পাঠ্যক্ৰম আৰু একেটা স্কোৱাড্ৰনৰ দুই সহপাঠীয়ে একেলগে সেনাবাহিনী আৰু বায়ুসেনাৰ মুৰব্বীৰ পদভাৰ গ্ৰহণ কৰিছে। সেনা প্ৰধান জেনেৰেল ধীৰজ শেঠ আৰু বায়ুসেনাৰ পৰৱৰ্তী প্ৰধান এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতৰ চাৰি দশক পুৰণি এখন আলোকচিত্ৰই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2026 9:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি দশকৰ পূৰ্বে ভাৰতৰ আগশাৰীৰ সামৰিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা একেলগে উত্তীৰ্ণ হোৱা দুই তৰুণ সামৰিক বিষয়া বৰ্তমান দেশৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছে। সেনা প্ৰধান জেনেৰেল ধীৰজ শেঠ আৰু ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী প্ৰধান এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতৰ ১৯৮৫ চনৰ এখন আলোকচিত্ৰ সম্প্ৰতি ভাইৰেল হৈ পৰিছে, যিয়ে তেওঁলোকৰ সুদীৰ্ঘ বন্ধুত্ব আৰু বৰ্ণিল সামৰিক যাত্ৰাৰ আৰম্ভণিৰ মুহূৰ্তটোক প্ৰতিফলিত কৰিছে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ৬৯ সংখ্যক পাঠ্যক্ৰমৰ অন্ত পেলাই এনডিএৰ পৰা উত্তীৰ্ণ হোৱাৰ সময়ত এই দুয়োগৰাকী বিষয়াৰ বয়স আছিল প্ৰায় ১৯ বা ২০ বছৰ।

 

Apply Now

ভাৰতৰ সামৰিক ইতিহাসত এয়া প্ৰথমটো বিৰল ঘটনা, য‘ত এনডিএৰ একেটা পাঠ্যক্ৰম আৰু একেটা স্কোৱাড্ৰনৰ দুগৰাকী সতীৰ্থই একে সময়তে সেনাবাহিনী আৰু বায়ুসেনাৰ মুৰব্বীৰ পদত অধিষ্ঠিত হৈছে। এনডিএত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সময়ত দুয়োগৰাকী কেডেট ‘ফক্সট্ৰট স্কোৱাড্ৰন‘ৰ অংশ আছিল। উল্লেখ্য যে, ২০২৬ চনৰ ৩০ জুনত জেনেৰেল ধীৰজ শেঠে ভাৰতীয় সেনাবাহিনীৰ ৩১ সংখ্যক মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আনহাতে, এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে অহা ৩১ অক্টোবৰত বৰ্তমানৰ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙৰ স্থানত পৰৱৰ্তী মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।

 

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত এয়াৰ মাৰ্শ্বাল দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু শাখাত নিযুক্তি দিয়া হৈছিল। এগৰাকী যুঁজাৰু বৈমানিক হিচাপে তেওঁৰ মিৰাজ-২০০০, মিগ, জাগুৱাৰ, হক আৰু তেজছ আদিৰ দৰে যুদ্ধবিমান চলোৱাৰ ৩৫০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। নিজৰ সুদীৰ্ঘ কৰ্মজীৱনত তেওঁ ‘অপাৰেচন ছফেদ সাগৰ‘ আৰু ‘অপাৰেচন ৰক্ষক‘ৰ দৰে গুৰুত্বপূৰ্ণ সামৰিক অভিযানত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ চেণ্ট্ৰেল এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ, চীফছ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষৰ চীফ অৱ ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফ আৰু বায়ুসেনাৰ উপ-প্ৰধান হিচাপেও সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে।

 

একেদৰে, জেনেৰেল ধীৰজ শেঠেও আৰ্মাৰ্ড ৰেজিমেন্ট আৰু ব্ৰিগেডৰ পৰা আৰম্ভ কৰি বিদ্ৰোহ দমনকাৰী বাহিনীলৈকে সফলতাৰে নেতৃত্ব প্ৰদান কৰিছে। সেনা প্ৰধান হোৱাৰ পূৰ্বে তেওঁ দক্ষিণ পশ্চিম কমাণ্ড আৰু দক্ষিণ কমাণ্ডৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় সেনাবাহিনীৰ উপ-প্ৰধান হিচাপেও দায়িত্ব পালন কৰিছিল। চাৰি দশকৰ পূৰ্বৰ এই দুই সহপাঠীয়ে সময়ৰ প্ৰত্যাহ্বান নেওচি বৰ্তমান সশস্ত্ৰ বাহিনীৰ শীৰ্ষ পদবীত উপনীত হোৱা ঘটনাই দেশৰ সামৰিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে তেওঁলোকৰ সুদীৰ্ঘ বন্ধুত্বৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd