ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে কমতাপুৰ লিবাৰেশ্যন অৰগ্যানাইজেশ্যনৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।
বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত কোকৰাঝাৰ আৰক্ষী আৰু কচুগাঁৱত অৱস্থিত ভাৰতীয় সেনাৰ কোকৰাঝাৰ বেটেলিয়নে এই যুটীয়া অভিযানটো চলায়।
এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ নাহৰৰ নেতৃত্বত কচুগাঁও থানাৰ আৰক্ষী আৰু সেনাই এই অভিযানটো চলাইছিল।
নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যজন ধালিগাঁও থানাৰ অন্তৰ্গত আংকোৰবাৰী গাঁৱৰ প্ৰদীপ ৰয় ওৰফে চাংমা বুলি চিনাক্ত কৰা হৈছে।
কোকৰাঝাৰ জিলাৰ অন্তৰ্ভুক্ত চালাকাটি অঞ্চলৰ কালিপুখুৰীৰ সমীপৰ এখন ধাননি পথাৰৰ পৰা সন্ধিয়া ৬ বজাত উগ্ৰপন্থী সদস্যজনক আটক কৰে।
আটকাধীন সদস্যজনৰ পৰা বিদেশত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, ৭.৬৬ এম এমৰ ৬ ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ হয়।
বৰ্তমান উগ্ৰপন্থী সদস্যজনক কোকৰাঝাৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।