তিনিদিনীয়া ভ্ৰমণ সূচীলৈ নেপালত উপস্থিত হৈছে ভাৰতীয় স্থল সেনা প্ৰধান এম এম নাৰাৱানে।
তিনিদিনীয়া ভ্ৰমণসূচীৰ কাৰ্য্যসূচী অনুসৰি আজি নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিক সাক্ষাৎ কৰে নাৰাৱানে।
প্ৰধান মন্ত্ৰী অ’লিক সাক্ষাতৰ সময়ত স্থল সেনা প্ৰধান নাৰাৱানে দুয়ো দেশৰ মাজৰ বিভিন্ন দ্বিপাক্ষিক বিষয় সম্পৰ্কে আলোচনা কৰে।
আনহাতে, এই সক্ষাতৰ সময়ত নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে ভাৰতক নেপালৰ দীৰ্ঘদিনীয়া বন্ধু বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজৰ বিতৰ্কিত বিষয় সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ পোষকতা কৰে।
উল্লেখযোগ্য যে, কিছুমাহ পূৰ্বে নেপালে ভাৰতৰ ভূখণ্ডক অন্তৰ্ভূক্ত কৰি নতুনকৈ নেপালৰ মানচিত্ৰ প্ৰকাশ কৰিছিল।
ভাৰতৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক বিঘ্নিত কৰাৰ বাবে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে নিজ দেশতে বিক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ভাৰত আৰু চীনৰ মাজত লাডাখত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ সময়ত নেপালে চীনৰ প্ৰৰোচনাতে ভাৰতৰ বিৰুদ্ধে আচৰণ কৰিছিল বুলি সৰ্বত্ৰে চৰ্চা চলিছিল।