লাডাখৰ ১৭,৫০০ ফুট উচ্চতাত দৌৰিব এগৰাকী মহিলা সেনা বিষয়াই; কোন তেওঁ?

shahsi_mehta.jpg_1583063121_618x347

শশী মেহতা, ফ'টো সৌজন্য- ইন্টাৰনেট

লাডাখৰ ১৭,৫০০ ফুট উচ্চতা দৌৰিব ভাৰতীয় সেনাৰ এগৰাকী মহিলা সেনা বিষয়াই।

এই সেনা বিষয়াগৰাকী হৈছে মেজৰ শশী মেহতা। ৩৯ বৰ্ষীয় শশী মেহতাৰ ঘৰ উত্তৰাখণ্ডৰ পীথুৰাগড়ত।

মহিলা সেনা বিষয়াগৰাকীয়ে আল্ট্ৰা ৰেচত লাডাখৰ ১৭,৫০০ ফুট উচ্চতাত প্ৰায় ১১১ কিলোমিটাৰ দূৰত্ব দৌৰিব। উল্লেখ্য যে এনে উচ্চতাত অক্সিজেনৰ যথেষ্ট অভাৱ হোৱা দেখা যায়।

ইয়াৰ পূৰ্বে মেজৰ শশী মেহতাই ডেহৰাডুনৰ পৰা ধনোল্টিলৈকে ৭৪ কিলোমিটাৰ দূৰত্ব দৌৰি প্ৰথম স্থান লাভ কৰিছিল।

লাডাখৰ সেই দৌৰ হ’ব অহা আগষ্ট মাহত। ইয়াৰ বাবে মজৰ শশী মেহতাই প্ৰতিদিনে কঠোৰ পৰিশেৰম কৰি আছে।

মেজৰ শশী মেহতাই এই দৌৰত ৪০ শতাংশ অক্সিজেন লৈ দৌৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত বুলিও জানিবলৈ দিছে।