ড্ৰোনৰ সহায়ত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি অব্যাহত ৰখাৰ সময়তে আজি পুৱা কাশ্মীৰত ভাৰতীয় সেনাই এখন পাকিস্তানৰ ড্ৰোন গুলীয়াই ভূপতিত কৰে।
কাশ্মীৰৰ কেৰাণ ছেক্টৰত আজি সেনাৰ একাংশ জোৱানে পাকিস্তানৰ ড্ৰোন খনে ভাৰতৰ আকাশত প্ৰৱেশ কৰা দখাৰ লগে লগে ড্ৰোন খনক লক্ষ্য কৰি গুলী নিক্ষেপ কৰে।
ফলত ড্ৰোন খন ভূপতিত হয়। পাকিস্তানে প্ৰেৰণ কৰা ড্ৰোন খন চীনত নিৰ্মিত বুলি লিখা আছে। উল্লেখ্য পাকিস্তানে চীনৰ পৰা ড্ৰোন ক্ৰয় কৰি ভাৰতত কূটাঘাত সংগটিত কৰাৰ কামত ব্যৱহাৰ কৰি আহিছে।
কাশ্মীৰ উপত্যকাত অশান্তি বিয়পাই দিবলৈ অনবৰতে চেষ্টা অব্যাহত ৰখা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এতিয়া হেক্স’কপ্তাৰৰ সহায়ত কাশ্মীৰত নিয়োজিত নিৰাপত্তা কৰ্মীৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে।
ভাৰতীয় নিৰাপত্তা বাহিনীৰ জোৱানৰ সম্পূৰ্ণ অগোচৰে হেক্স’কপ্তাৰৰ সহায়ত আকাশৰ পৰা সন্ত্ৰাসবাদীয়ে অনায়াসে গ্ৰেণেড নিক্ষেপ কৰিবলৈ সক্ষম হৈছে বুলি ভাৰতীয় সেনাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য পাকিস্তানে চীনৰ পৰা শেহতীয়াকৈ বহু হেক্স’কপ্তাৰ ক্ৰয় কৰিছে। হেক্স’কপ্তাৰ হৈছে এক ধৰণৰ ড্ৰোন যাৰ সহায়ত কোনো বস্তু ইঠাইৰ পৰা সিঠাইলৈ লৈ যাব পৰা যায়।
এনে ড্ৰোনৰ জৰিয়তে কম ওজনৰ বোমা বা গ্ৰেণেড আদিও তললৈ নিক্ষেপ কৰিব পৰা যায়।
তেওঁ কয় যে নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাৰ জোৱান সকলক ড্ৰোন ধ্বংস কৰিব পৰাৰ ১৪ দিনৰ প্ৰশিক্ষণ দিয়া হৈছে।






